ETV Bharat / state

বকলীয়াঘাটত দিনজোৰা কার্যসূচীৰে চিলাৰায় দিৱস পালন

author img

By

Published : Feb 27, 2021, 7:34 PM IST

কার্বি আংলং জিলাৰ বকলীয়াঘাটতো উদযাপন কৰা হয় চিলাৰায় দিৱস । সদৌ কার্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত তথা হালধিআটি গাঁও সন্মিলনী আৰু নৱ উদয়ন সংঘৰ তত্বাৱধানত দিনজোৰা কার্যসূচীৰে পালন কৰা হয় চিলাৰায় দিৱস ।

বকলীয়াঘাটত দিনজোৰা কার্যসূচীৰে চিলাৰায় দিৱস পালন
বকলীয়াঘাটত দিনজোৰা কার্যসূচীৰে চিলাৰায় দিৱস পালন

ডিফু, ২৭ ফেব্রুৱাৰী: আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১১ তম জন্মজয়ন্তী । এই উপলক্ষে কার্বি আংলং জিলাৰ বকলীয়াঘাটতো উদযাপন কৰা হয় চিলাৰায় দিৱস । সদৌ কার্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত তথা হালধিআটি গাঁও সন্মিলনী আৰু নৱ উদয়ন সংঘৰ তত্বাৱধানত দিনজোৰা কার্যসূচীৰে পালন কৰা হয় চিলাৰায় দিৱস । জিলাখনৰ হালধিআটি নামঘৰ চৌহদত থকা মুকলি মঞ্চত ৫১১ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস পালন কৰা হয় ।

সদৌ কার্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি নির্মল চন্দ্র হাজৰিকাই শনিবাৰে পুৱা কোচ ৰাজবংশী সন্মিলনীৰ পতাকা উত্তোলন কৰি কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে স্মৃতি তৰ্পণ, মহাবীৰ চিলাৰায়ৰ প্রতিচ্ছবিত মাল্যাৰ্পণ কৰি মহান বীৰগৰাকীৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰা হয় । তাৰ পিছত নির্মল চন্দ্র হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হােৱা মুকলি সভাখনত কেইবাগৰাকী বক্তাই মহাবীৰ চিলাৰায়ৰ মহান কর্মৰাজি সম্পর্কে বিস্তৃত আলােচনা আগবঢ়ায় ।

চিলাৰায় দিৱসৰ মুখপাত্র শুক্লধ্বজৰ শুভ উন্মােচন কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নির্বাচিত সদস্য ৰামছিং তিমুঙে । মুখপত্রখন উন্মােচন কৰি প্রদান কৰা ভাষণত সদস্যগৰাকীয়ে কোচ-ৰাজবংশী সন্মিলনীৰ উদ্যোগত বকলীয়াঘাটত স্থাপন হ'বলগীয়া মহাবীৰ চিলাৰায়ৰ প্রতিমূর্তি স্থাপনৰ ক্ষেত্রত সকলাে ধৰণে সহায়ৰ হাত আগবঢ়ােৱা হ'ব বুলি মন্তব্য কৰে । সভাত কোচ-ৰাজবংশীসকলৰ গীত পৰিবেশন কৰা হয় ।

লগতে পঢ়ক:নগাঁৱত পিষ্টলসহ আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.