ETV Bharat / state

ASDC protest: বিজেপিয়ে স্বায়ত্ব শাসনৰ প্ৰতিশ্ৰুতি পূৰণ কৰক- এএছডিচি

author img

By

Published : Aug 11, 2023, 10:20 PM IST

asdc protest for implementation of article 244 a
বিজেপিয়ে স্বায়ত্ব শাসনৰ প্ৰতিশ্ৰুতি পূৰণ কৰক- এএছডিচি

স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী, পাৰ্বত্য জিলাৰ সীমা সমস্যা সমাধান কৰা আৰু মণিপুৰৰ অশান্ত পৰিস্থিতিকলৈ ডিফুত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ "বৰ্তমান হোজাই, গোলাঘাট, নগাওঁ জিলাৰ লগতো আমাৰ সীমা সমস্যা বৃদ্ধি পাইছে ৷ কাৰ্বি আংলঙৰ ভূমি কাঢ়ি নিয়াৰ বাবে চৰকাৰে প্ৰৰোচনা কৰিছে ৷ এইবোৰ শীঘ্ৰে বন্ধ হ’ব লাগে "- জৎছন বে’

বিজেপিয়ে স্বায়ত্ব শাসনৰ প্ৰতিশ্ৰুতি পূৰণ কৰক- এএছডিচি

ডিফু, ১১ আগষ্ট: পাহাৰৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে শুকুৰবাৰে স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী, পাৰ্বত্য জিলাৰ সীমা সমস্যা সমাধান কৰা আৰু মণিপুৰৰ অশান্ত পৰিস্থিতিকলৈ ডিফুত একা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ডিফুৰ ছেমছনছিং ইংতি সোঁৱৰণি উদ্যানৰ সন্মুখত অনুষ্ঠিত হোৱা এই ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকি পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎছন বে’য়ে সংবাদ মাধ্যমৰ আগত কয় যে, বিগত ৫০ বছৰ ধৰি স্বায়ত্ব শাসনৰ দাবীত আমি আন্দেলন কৰি আহিছো যদিও কংগ্ৰেছ অথবা বিজেপি চৰকাৰে আজি পৰ্যন্ত আমাৰ এই দাবী পূৰণ নকৰিলে ৷ এই ক্ষেত্ৰত বিজেপি দলে এই দাবী পূৰণ কৰিব লাগিবই ৷ বিজেপি দল চৰকাৰলৈ অহাৰ পূৰ্বতেই আৰু পৰৱৰ্তী সময়ত স্বায়ত্ব শাসনৰ দাবী পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল পাহাৰীয়া জনতাক ৷

এতিয়া দিল্লী, দিছপুৰ আৰু ডিফুত শাসনত থকা দলটো সম্পূৰ্ণ নিশ্চুপ বুলি অভিযোগ উত্থাপন কৰে বে’ই ৷ আনহাতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমা সমস্যা শীঘ্ৰে সমাধান কৰি দিবলৈ দাবী উত্থাপন কৰে দলটোৱে ৷

এই সন্দৰ্ভত বে'য়ে কয় যে, মেঘালয়, নাগালেণ্ডৰ লগতে বৰ্তমান হোজাই, গোলাঘাট, নগাওঁ জিলাৰ লগতো আমাৰ সীমা সমস্যা বৃদ্ধি পাইছে ৷ কাৰ্বি আংলঙৰ ভূমি কাঢ়ি নিয়াৰ বাবে চৰকাৰে প্ৰৰোচনা কৰিছে ৷ এইবোৰ শীঘ্ৰে বন্ধ হ’ব লাগে ৷ নতুন বিধান সভা সমষ্টি গঠনৰ নামত আন জিলাত কাৰ্বি আংলঙৰ ভূমি সন্নিৱিষ্ট কৰাটো আমি মানি নলওঁ ৷ একেদৰে মেঘালয়ৰ লগত 'গিভ এণ্ড টেক পলিচি" আমি মানি নলওঁ বুলিও হুংকাৰ দিয়ে বে’য়ে ৷

ইপিনে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি বে’য়ে বহু কেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ এই সকলোৰ অশান্তিৰ মূলতে চৰকাৰ বুলি দাবী কৰি কাৰ্বি আংলঙতো সৰু সৰু জনগোষ্ঠীসমূহক নিঃশেষ কৰাৰ চেষ্টা চলিছিল ৷ কাৰ্বি আংলঙৰ গোষ্ঠীগত সংঘৰ্ষ ইয়াৰ উদাহৰণ বুলি উল্লেখ কৰে বে’য়ে ৷

আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীত এএছডিচিৰ লগতে কেএএছ আৰু কেএনচিয়ে বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Protest against price hike:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সামাজিক সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.