ETV Bharat / state

খটখটীত গাঞ্জা সহ এজন সৰবৰাহকাৰী আটক

author img

By

Published : Jun 11, 2021, 10:30 PM IST

অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকা খটখটীত গাঞ্জা সহ এজন গ্ৰেপ্তাৰ ৷ খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীত এএছ ০৯ এচি ২৮৩০ নম্বৰৰ অট' ৰিক্সাখনত এটা চুটকেছত ভৰাই অনা অৱস্থাত 15 কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

a-ganja-peddler-arrested-at-khotkhoti
খটখটীত গাঞ্জা সহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ডিফু, ১১ জুন : ড্ৰাগছ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকা খটখটীত শুকুৰবাৰে পুৱা খটখটী আৰক্ষীয়ে বুজন পৰিমানৰ গাঞ্জা সহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

a-ganja-peddler-arrested-at-khotkhoti
খটখটীত গাঞ্জা সহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ

প্ৰাপ্ত তথ্য অনুসৰি উপ পৰিদৰ্শক চৰণ মোহন চেতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পুৱাৰ ভাগত খটখটী থানাৰ অন্তৰ্গত ষ্টেট বেংক খটখটী শাখাৰ সমীপত চলোৱা নিয়মীয়া তালাচীত এএছ ০৯ এচি ২৮৩০ নম্বৰৰ অট' ৰিক্সাখনত এটা চুটকেছত ভৰাই অনা অৱস্থাত 15 কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

এই সন্দৰ্ভত আৰক্ষীয়ে অট'ৰিক্সাখনৰ যাত্ৰী বিহাৰৰ ভোজপুৰ জিলাৰ চৰপুখুৰী থানাৰ অন্তৰ্গত কানাই নিৱাসী ৰবিন্দ্ৰ সিঙ (৫০) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক:পৰিয়াল পৰিকল্পনা নীতি গ্ৰহণ কৰক সংখ্যালঘু সম্প্ৰদায়ে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.