ETV Bharat / state

74th Republic Day: ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন

author img

By

Published : Jan 26, 2023, 6:25 PM IST

74th-republic-day-observed-in-karbi-anglong
ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন

আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস পালন কৰা হৈছে(74th Republic Day) ৷ কাৰ্বি আংলঙতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস ৷ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে উত্তোলন কৰে গণৰাজ্য দিৱসৰ ত্ৰিৰংগা পতাকা ৷ তেওঁ অনুষ্ঠানত চিআৰপিএফ, অসম আৰক্ষীৰ লগতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনায় ৷

ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন

ডিফু, ২৬ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো বৃহস্পতিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস ৷ পুৱাৰ ভাগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ত্ৰিৰংগা পতাকা উত্তোলনৰ পিছত ডিফুস্থিত গান্ধী পাৰ্কত থকা শ্বহীদ বেদীত শ্বহীদসকললৈ পুষ্পাঞ্জলী অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে(KAAC CEM Tuliram Ronghang) ৷

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত ৭৪ গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰো পতাকা উত্তোলন কৰে ৷ এই সময়চোৱাত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে জিলা উপায়ুক্ত মধুমিতা ভাগৱতী আৰু আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই ৷

ইয়াৰ পিছত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে চিআৰপিএফ, অসম আৰক্ষীৰ লগতে বিভিন্ন ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতা বাবে কাৰ্বি আংলঙৰ ১০ জনকৈ আৰক্ষী আৰু হোমগাৰ্ড জোৱানক সম্বৰ্ধনা জনায় ৷ ইফালে গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পাচত মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ভাৰতবৰ্ষক এখন স্বাধীন গণৰাজ্য দিৱস হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী আৰু অন্যান্য লোকসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷

তেওঁ ভাষণ প্ৰসংগত জিলাখনত উগ্ৰপন্থী সংগঠনসমূহ মূলসূঁতিলৈ ঘূৰি অহাৰ পিছত শান্তিৰ প্ৰতিষ্ঠা হোৱাৰ লগতে সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি জিলাখনৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে সমবিকাশ কৰাত তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলি কয় ৷ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে গণৰাজ্য দিৱসৰ উপলক্ষ্যে দিয়া ভাষণত জিলাখনৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমুখী আঁচনিৰো খতিয়ান দাঙি ধৰে ৷

ইয়াৰ পিছত বিভিন্ন সাংস্কৃতিক দলে নৃত্য গীত প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন বিভাগৰ টেবলয়ডসমূহো প্ৰদৰ্শন কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা হয় ৷ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনৰ তৰফৰ বিভিন্ন ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ বাবে কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ বিশেষকৈ সংবাদ জগত আৰু সাহিত্যৰ ক্ষেত্ৰত দিয়া অৱদানৰ বাবে জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা আৰু মঞ্জু টেৰণপীৰ লগতে জিলাখনৰ বোলছবি জগতলৈ আগবঢ়োৱা অৰিহণাৰ বাবে বোলছবি নিৰ্মাতা ধনীৰাম তিচ'কো সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক: 74th Republic Day: দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰে উদযাপন গণৰাজ্য দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.