ETV Bharat / state

দিনজোৰা কার্যসূচীৰে কার্বি আংলং জিলা প্রেছ ক্লাবৰ চতুর্থ বর্ষপূর্তি আৰু বার্ষিক অধিৱেশন

author img

By

Published : Feb 9, 2021, 12:51 PM IST

কার্বি আংলং জিলা প্রেছ ক্লাবৰ চতুর্থ বর্ষপূর্তি আৰু বার্ষিক অধিৱেশনখন সোমবাৰে দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত হৈ যায় । জিলা প্ৰেছ ক্লাৱৰ সভাপতি দিগন্ত টেৰণ আৰু সম্পাদক ডেনিয়েলছন নির্বাচিত হয় বিনা প্রতিদ্বন্দ্বিতাৰে ৷

4TH FOUNDATIO DAY OF DPCK AT DIPHU
বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত কার্বি আংলং জিলা প্রেছ ক্লাৱৰ সভাপতি-সম্পাদক

ডিফু, 9ফেব্রুৱাৰীঃ কার্বি আংলং জিলা প্রেছ ক্লাবৰ চতুর্থ বর্ষপূর্তি আৰু বার্ষিক অধিৱেশনখন সোমবাৰে দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত হৈ যায়। ডিফুৰ ৰিক্রিয়েছন পার্কত অনুষ্ঠিত এই কার্যসূচীত পুৱা পতাকা উত্তোলন কৰে সভাপতি কিৰি ৰংহাঙে। ইয়াৰ পিছতেই অনুষ্ঠিত হয় এখন মুকলি সভা ৷ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে কার্বি আংলং জিলা উপায়ুক্ত চন্দ্রধ্বজ সিনহা। এই অধিৱেশন খনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে জিলা প্রেছ ক্লাৱৰ উপদেষ্টা লংছিং টেৰণ, সঞ্জু বৰা, জনসংযােগ বিষয়া উৎপল ডিমাছা, জ্যেষ্ঠ সাংবাদিক প্রদীপ কুমাৰ নাথ।

4TH FOUNDATIO DAY OF DPCK AT DIPHU
দিনজোৰা কার্যসূচীৰে কার্বি আংলং জিলা প্রেছ ক্লাবৰ চতুর্থ বর্ষপূর্তি আৰু বার্ষিক অধিৱেশন

মুখ্য অতিথিৰ ভাষণত জিলা উপায়ুক্তই কয়, সাংবাদিকসকলে এই দুৰ্যোগৰ সময়তো বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে সাংবাদিকতা কৰিব লগা হৈছে । সমাগত নির্বাচনতো সাংবাদিসকলে যিকোনাে ধৰণৰ বাতৰি পৰিবেশন কৰোতে প্রশাসনৰ সৈতে যােগাযোগ কৰি সত্য বাতৰিহে প্ৰকাশ কৰে যেন ৷ এইদৰে আহ্বান জনালে জিলা উপায়ুক্ত গৰাকীয়ে ।

জিলা প্রেছ ক্লাৱৰ উপদেষ্টা লংছিং টেৰণে ভাষণ প্রসংগত জিলা প্রেছ ক্লাৱৰ সংবিধানৰ লগতে সাংবাদিকসকলৰ কৰণীয় আৰু কর্তব্য সম্পর্কে বক্তব্য ৰাখে । লগতে বৰ্তমান সময়ত সাংবাদিকৰ ভূমিকা আৰু সাংবাদিকসকলে সন্মখীন হৈ অহা বিভিন্ন সমস্যা আৰু বিভিন্ন ক্ষেত্রত সাংবাদিকসকলে পথভ্রষ্ট হৈ অসামাজিক কার্যকলাপত জড়িত হােৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । লগতে সংবাদ মাধ্যমৰ লােকসকলক কর্তব্য নিষ্ঠাৰে তথা সততাৰে বাতৰি পৰিবেশন কৰিবলৈ আহ্বান জনায় উপদেষ্টা সঞ্জু বৰাই।

আনহাতে, সাধাৰণ সভাৰ অন্তত পুৰণা সমিতি ভংগ কৰি এখন নতুন সমিতিৰ বাবে নির্বাচন অনুষ্ঠিত কৰে । নির্বাচনত সভাপতি আৰু সম্পাদক পদৰ বাবে কেৱল দিগন্ত টেৰণ আৰু ডেনিয়েলছন বেয়ে মনােনয়ন আগবঢ়োৱাত দুয়ােকে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হােবা বুলি নির্বাচনী বিষয়া উৎপল ডিমাছাই ঘােষণা কৰে। আগন্তক দিনত সভাপতি আৰু সম্পাদকে পূর্ণাংগ সমিতি গঠন কৰিব বুলি উক্ত সভাতে সিদ্ধান্ত গ্রহণ কৰে উপস্থিত লোক সকলে।

লগতে পঢ়ক-নগাঁৱৰ জি ডি নাৰ্ছিং হ’মত উত্তেজনাঃচিকিৎসকৰ ভুলৰ বাবে মৃত্যু ৰোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.