ETV Bharat / state

ৰঙিয়াত বিষপান কৰি বোৱাৰীৰ আত্মহত্যা

author img

By

Published : Jun 4, 2020, 8:06 PM IST

মহিলাগৰাকীৰ পৰিয়ালৰ দাবী-যৌতুক বিচাৰি নিৰ্যাতন প্ৰায়ে চলাইছিল তেওঁক,লগতে এইয়া স্বামী পৰিয়ালৰ দ্বাৰা এইয়া পৰিকল্পিত হত্যাকণ্ড।

ৰঙিয়াত বিষপান কৰি বোৱাৰীৰ আত্মহত্যা
ৰঙিয়াত বিষপান কৰি বোৱাৰীৰ আত্মহত্যা

ৰঙিয়া, 4 জুনঃ ৰঙিয়াত বিষপান কৰি আত্মহত্যা কৰে এগৰাকী বিবাহিত মহিলাই । মহিলা গৰাকী হৈছে ৰঙিয়াৰ চেনিমাৰাৰ ৰুমী দাস। ৰুমী দাস আঠ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল চেনিমাৰাৰ ৰমেন দাসৰ সৈতে । দুটা সন্তান থকা ৰুমী দাসক যৌতুক আৰু টকা খুজি প্ৰায়ে স্বামী আৰু শহুৰৰ পৰিয়ালে শাৰীৰিক-মানসিক নিৰ্যাতন কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীৰ পিতৃৰ পৰিয়ালে। ইপিনে এইটো এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে মহিলা গৰাকীৰ পৰিয়ালে ।

উল্লেখ্য যে,যোৱা ২৯ মে'ত স্বামী আৰু শহুৰৰ পৰিয়ালে ৰুমীক শাৰীৰিক-মানসিক নিৰ্যাতন কৰিছিল,যাৰ ফলত তেওঁ সেইদিনাই বিষপান কৰে। ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৰুমীক ভৰ্তি কৰে যদিও বৃহস্পতিবাৰে তেওঁৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত ৰুমীৰ পৰিয়ালে কাউৰবাহা আৰক্ষী চকীত তেওঁৰ স্বামীৰ লগতে আন তিনিজনক অভিযুক্ত কৰি এখন এজাহাৰ দাখিল কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.