ETV Bharat / bharat

কয়ম্বটুৰত 2.5 লাখত বিক্ৰী কেঁচুৱা : বিহাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ - Coimbatore Baby sold case

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 4:08 PM IST

Baby sold in Coimbatore : কয়ম্বটুৰত 15 দিনীয়া এটা কেঁচুৱা বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীয়ে বিহাৰৰ পৰা কেইগৰাকীমান মহিলাক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিচত তেওঁলোকক আদালতত হাজিৰ কৰোৱা হয় আৰু তাৰ পৰা কাৰাগাৰলৈ নিক্ষেপ কৰে ।

Baby sold in Coimbatore
অভিযুক্ত দুই মহিলা (Etv Bharat)

নিউজ ডেস্ক, ১১ জুন : তামিলনাডুৰ কয়ম্বটুৰত শিশু সৰবৰাহৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । এই ঘটনাত বিহাৰৰ কেইগৰাকীমান লোকক গ্ৰেপ্তাৰ কৰা হৈছে । এটি ১৫ দিনীয়া শিশুক আঢ়ৈ লাখ টকাত বিক্ৰীৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে ।

ঘটনাৰ বিবৱৰণী অনুসৰি, বিহাৰৰ মহেশ কুমাৰ আৰু অঞ্জলীয়ে কয়ম্বটুৰ জিলাৰ চুলুৰৰ কাষৰীয়া আপ্পানায়কংকান্তি অঞ্চলত হোটেল ব্যৱসায় কৰে । আনহাতে, শিশু সুৰক্ষা সংগঠন চাইল্ডলাইনে এটা অভিযোগ লাভ কৰে যে তেওঁলোকে বিহাৰৰ আত্মীয়ৰ দ্বাৰা এটা শিশু সৰবৰাহ কৰি আনি থিম্মানায়াক্কান পালায়াম অঞ্চলৰ বিজয়ন নামৰ এজন কৃষকক বিক্ৰী কৰিছে ।

বিষয়টো সন্দৰ্ভত তদন্ত চলাই চাইল্ডলাইনে কৰুমথমবাট্টি মহিলা আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰে । আৰক্ষীয়ে এই গোচৰটোৰ তদন্ত কৰি নিশ্চিত হয় যে শিশুটোক বিক্ৰী কৰা হৈছে । ইয়াৰ পিচতে হোটেল ব্যৱসায়ী বিহাৰৰ মহেশ কুমাৰ আৰু অঞ্জলীক এই মাহৰ 3 তাৰিখে গ্ৰেপ্তাৰ কৰে ।

আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা মতে, কৃষক বিজয়নৰ বিয়া হোৱা 17 বছৰ হৈছে যদিও তেওঁলোকৰ কোনো সন্তান নাছিল । তেওঁৰ এই সমস্যাটোৰ বিষয়ে অঞ্জলী আৰু মহেশ কুমাৰক জনায় । তেতিয়া তেওঁলোকে কয় যে তেওঁলোকৰ 15 দিনীয়া এটি ছোৱালী কেঁচুৱা বিহাৰত আছে । যদি তেওঁলোকক আঢ়ৈ লাখ টকা দিয়ে তেন্তে তেওঁক সন্তানটো দিব । আনহাতে, অঞ্জলীয়ে বিহাৰত থকা তেওঁৰ মাতৃ পুনম দেৱীক সন্মত কৰাবলৈও বিজয়নক কয় ।

তাৰ পিচত পুনম দেৱী আৰু তেওঁৰ কনিষ্ঠ কন্যা মেঘ কুমাৰীয়ে বিহাৰৰ পৰা চুলুৰলৈ 15 দিনীয়া কেঁচুৱাটো লৈ যায় আৰু অঞ্জলী আৰু মহেশ কুমাৰক দিয়ে । ইয়াৰ বিনিময়ত তেওঁলোকে নিৰ্ধাৰিত ধন লাভ কৰে । আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে যদিও আঢ়ৈ লাখ টকা মূল্যৰ বিনিময়ত কেঁচুৱাটো বিক্ৰীৰ বিষয়ে আলোচনা কৰা হৈছিল, ১ লাখ ৮০ হাজাৰ টকা তেওঁলোকক দিয়া হৈছিল আৰু বাকী ৭০ হাজাৰ টকা পৰিশোধ কৰিবলগা আছিল । ইয়াৰ পিচত বিজয়নকো 4 তাৰিখে গ্ৰেপ্তাৰ কৰা হয় ।

আৰক্ষীৰ অনুসন্ধানত এইটোও প্ৰকাশ পাইছে যে বিহাৰৰ আন এক দম্পতীয়ে যোৱা বছৰ অন্ধ্ৰৰ এজন ট্ৰাকচালকক আন এটি কন্যা সন্তান বিক্ৰী কৰিছিল । ইয়াৰ পিচতে আৰক্ষীয়ে চাইল্ডলাইনৰ সহায়ত শিশু দুটাক উদ্ধাৰ কৰে আৰু তেওঁলোকে চৰকাৰী আশ্ৰয়স্থলত ৰাখি শিশু দুটাৰ যত্ন লৈ আছে ।

ঘটনা সন্দৰ্ভত অঞ্জলীৰ মাতৃ পুনম দেৱী আৰু তেওঁৰ কন্যা মেঘা কুমাৰীক তদন্তৰ বাবে কয়ম্বটুৰলৈ মাতি নিয়া হয় । মহিলা আৰক্ষীয়ে তেওঁলোকক তদন্ত কৰি নিশ্চিত হয় যে তেওঁলোকে শিশুটিক বিহাৰৰ এক দৰিদ্ৰ দম্পতীৰ পৰা ক্ৰয় কৰিছিল আৰু আঢ়ৈ লাখ মূল্যত কয়ম্বটুৰত বিক্ৰী কৰিছিল ।

আনহাতে, শিশু বিক্ৰী সন্দৰ্ভত এতিয়ালৈকে বিহাৰৰ চাৰিজনসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । লগতে আন কোনো শিশুক বিক্ৰী কৰা হৈছে নেকি তাৰ অনুসন্ধানো আৰক্ষীয়ে কৰি আছে ।

লগতে পঢ়ক :হৰিদ্বাৰত বাতৰি পৰিৱেশিকাক আক্ৰমণ ! - News Anchor molestation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.