ETV Bharat / politics

চামগুৰিৰ পৰা নিৰ্বাচন খেলাৰ বাবে পুত্ৰৰ প্ৰতি সেউজ সংকেত পিতৃ ৰকিবুল‌ হুছেইনৰ - Assam Bye Election

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 4:02 PM IST

Samaguri Assembly constituency : পুত্ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰিছে সদ্য নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে ৷ পুত্ৰৰ প্ৰতি এই সেউজ সংকেত দিলে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

RAKIBUL HUSSAIN
প্ৰাক্তন বিধায়ক তথা সদ্য নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন (ETV Bharat Assam)

গুৱাহাটী, ১১ জুন : লোকসভা নিৰ্বাচন সামৰণি পৰাৰ পিচতে অসমত আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ কুচকাৱাজ । অসমৰ ৫ গৰাকী বিধায়ক অষ্টাদশ লোকসভালৈ নিৰ্বাচিত হোৱাৰ ফলত ৫টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে ।

বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য আৰু চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী লোকসভালৈ নিৰ্বাচিত হোৱাৰ ফলত এই সমষ্টিকেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পথ প্ৰশস্ত হৈছে । তাৰ মাজতে সদ্যহতে চামগুৰিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নাম উচ্চাৰিত হৈছে ৰকিবুল হুছেইনৰ পুত্ৰ তথা অসম ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক তানজিল হুছেইনৰ ।

লগতে পঢ়ক: অখিল গগৈৰ বাবেই অসমৰ তিনিখন লোকসভা সমষ্টিত উৰিল কংগ্ৰেছৰ বিজয় ধ্বজা ?

তানজিল হুছেইনৰ নাম চামগুৰিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নাম উচ্চাৰিত হৈ থকাৰ সময়তে পুত্ৰক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত পিতৃ ৰকিবুল‌ হুছেইনে সেউজ সংকেত দিয়া পৰিলক্ষিত হৈছে । মঙলবাৰে গুৱাহাটীত চামগুৰিৰ বিধায়কগৰাকীৰ বিদায়ী অনুষ্ঠানতে ৰকিবুল হুছেইনে এইধৰণৰ এক সেউজ সংকেত দিয়ে ।

উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টিৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰা কংগ্ৰেছৰ চামগুৰি বিধানসভাৰ বিধায়ক ৰকিবুল‌ হুছেইনক আজি কংগ্ৰেছৰ বিধায়িনী দলে গুৱাহাটীত সম্বৰ্ধনা জনায় । এই অনুষ্ঠানতে সাংবাদিকক সম্বোধন কৰি ৰকিবুল‌ হুছেইনে কয়, ‘‘দলে‌ বিচাৰিলে নিশ্চয় মোৰ পুত্ৰই নিৰ্বাচন খেলিব । তাত মই বাধা নিদিও । তেওঁ এন এছ ইউ আই কৰিছে । কষ্ট কৰিছে । ৰাহুল গান্ধীৰ লগত মণিপুৰৰ সংঘাত পূৰ্ণ এলেকাত গৈছে । গতিকে দলে তেওঁক প্ৰাৰ্থিত্ব দিলে মোৰ আপত্তি নাই ।"

লগতে পঢ়ক: তপন কুমাৰ গগৈৰ পৰাজয়ৰ আঁৰৰ কাৰণ কি ? কি কয় যোৰহাটবাসীয়ে

ৰকিবুল হুছেইনে লগতে কয়, ‘‘ৰাজনীতি কৰাৰ পিতৃৰ পুত্ৰই ৰাজনীতি নকৰাৰ কথা নাই । কাৰণ ক্ৰিকেটাৰ পিতৃৰ পুত্ৰ ক্ৰিকেটাৰ হয় ।‌ ডাক্তৰ-ইঞ্জিনীয়াৰৰ সন্তানো ডাক্তৰ-ইঞ্জিনীয়াৰ হয় । কোনোবাই যদি সেয়া বেয়া বুলি ভাবে তাত ক’বলগীয়া নাই ।’’ উল্লেখ্য যে চামগুৰি বিধানসভা ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে পৰিচিত । ৰকিবুল‌ হুছেইনে চামগুৰিৰ পৰা একেৰাহে পাঁচবাৰকৈ বিধায়ক‌ হৈছে । এইটো সমষ্টি এতিয়া কাৰ হাতলৈ যায়, কংগ্ৰেছৰ প্ৰাৰ্থী কোন হয় সেয়া হ'ব লক্ষ্যণীয় ৷

লগতে পঢ়ক: লক্ষ্য ২০২৬ চনৰ নিৰ্বাচন ! মাৰ্ঘেৰিটাৰ মন্ত্ৰিত্ব, তেলীক সভাপতি পতাৰ সমীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.