ETV Bharat / state

তেল ডিপোত পেট্ৰ’লৰ সলনি ওলাল পানী

author img

By

Published : Jul 15, 2021, 10:18 PM IST

water mixed petrol found in a oil pump at boko
বকোত তেল ডিপোত পেট্ৰ’লৰ সলনি ওলাল পানী

পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে গ্ৰাহকক সোধাইছে মাধমাৰ । একাংশই ডিপোত তেলৰ সৈতে পানী মিহলাই অধিক মুনাফা লুটাত ব্যস্ত হৈ পৰিছে । বকোত সংঘটিত হ'ল তেনে এক ঘটনা ।

বকো, 15 জুলাই : ৰাজ্যত আকাশলংঘী হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ পেট্ৰ’ল-ডিজেলৰ মূল্যই চুইছে গৈ শতকৰ ঘৰ ৷ পেট্ৰ’লজাত মূল্য বৃদ্ধিয়ে এতিয়া চিন্তিত কৰি তুলিছে সৰ্ব-সাধাৰণ জনতাক ৷ ইয়াৰ মাজতে পেট্ৰ’লক লৈ বকোত এক অঘটন সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

অভিযোগ অনুসৰি, বকোৰ এটা পেট্ৰ’ল ডিপোত পেট্ৰ’লৰ সনলি ওলাইছে পানী ৷ বকো জাৰাপাৰা 'RABHA HIGHWAY SERVICE' ৰ HP ত সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ বিৱৰণি অনুসৰি, বকো আৰক্ষীৰ থানাৰ APRG গ্ৰুপৰ হৰিশ খেৰকটাৰীয়ে নিজৰ AS 15R 7829 নম্বৰৰ Himalayan Royal Enfield খনত ৫১০ টকাৰ পাৱাৰ পেট্ৰ'ল ভৰাইছিল ।

কিন্তু কিছু দূৰ চলোৱাৰ পাছতেই বাহনখনৰ ষ্টাৰ্ট বন্ধ হৈ যায় ।

বকোত তেল ডিপোত পেট্ৰ’লৰ সলনি ওলাল পানী

বাহনখনৰ ষ্টাৰ্ট বন্ধ হৈ যোৱাৰ ফলত যান্ত্ৰিক বিজুটি ঘটা বুলি বাহনখনৰ গৰাকীয়ে কাষ চাপিল মেকানিকৰ । তাৰ পাচতেই ওলাই পৰিল ঘটনাৰ প্ৰকৃত কাৰণ ৷ মেকানিকে বাহনখনৰ পৰা পেট্ৰ'লখিনি উলিয়াই বটলত ভৰাই ৷ য’ত পেট্ৰ’লৰ সলনি ওলাই পানী ৷ যাক লৈ এতিয়া খৰ্গহস্ত হৈ পৰিছে ভুক্তভোগী হৰিশ খেৰকটাৰী নামৰ লোকজন ৷

ইফালে বৃহস্পতিবাৰে পুনৰ দেশত বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য । প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 34 পইচাৰ পৰা 35 পইচালৈ আৰু ডিজেলৰ মূল্য 15 পইচাৰ পৰা 16 পইচালৈ বৃদ্ধি কৰা হয় । পেট্ৰ'ল-ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰাত চিন্তিত হৈ পৰিছে এতিয়া দেশৰ জনসাধাৰণ ৷

এফালে পেট্ৰ'ল-ডিজেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে, আনফালে একাংশই ডিপোত তেলৰ সৈতে পানী মিহলাই অধিক মুনাফা লাভৰ অংকত ব্যস্ত হৈ পৰিছে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে বৰ্তমান বিচাৰ্যৰ বিষয় ৷

লগতে পঢ়ক: দেশত চেঞ্চুৰী কোবালে পেট্ৰ'ল-ডিজেলৰ মূল্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.