ETV Bharat / state

বিজেপিক প্ৰতিহত কৰিবলৈ সাজু নতুন ৰাজনৈতিক দল

author img

By

Published : Feb 23, 2020, 2:52 PM IST

voters party international press meet in rangia
নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিলে VPI য়ে

বিধানসভা আৰু বিটিআৰ নিৰ্বচনৰ বাবে সাজু হৈছে ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্বনেল দল ৷ বিজেপিক প্ৰতিৰোধৰ বাবে যিকোনো দলৰ লগতেই মিত্ৰতা কৰিবলৈ সাজু বুলিও উল্লেখ কৰে দলটোৰ ৰাজ্যিক সভাপতি ললিত পেগুৱে ৷

ৰঙিয়া , 23 ফেব্ৰুৱাৰীঃ বিজেপিক নিৰ্বাচনী যুঁজত ৰুধিবলৈ সাজু হৈছে ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্বনেল চমুকৈ VPI নামৰ এটা ৰাজনৈতিক দল ৷ 2021 চনত অনুষ্ঠিত হ’ব লগা বিধানসভাৰ নিৰ্বাচন আৰু BTR পৰিষদীয় নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে ককালত টঙালি বান্ধিছে দলটোৱে ৷ দেওবাৰে ৰঙিয়া প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেলত দলটোৰ ৰাজ্যিক সভাপতি ললিত পেগুৱে সংবদ মাধ্যমৰ আগত মন্তব্য কৰে যে, সদ্য ৰূপায়িত বিটিআৰ চুক্তিয়ে কোনো পধ্যেই ৰাজ্যলৈ শান্তি কঢ়িয়াই আনিব নোৱাৰে ৷ আগন্তুক বিটিআৰৰ মুঠ চাৰিখন জিলাত নিজাববীয়া প্ৰাৰ্থী দিব সংগঠনটোৱে । উল্লেখযোগ্য যে , বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত দলটোৱে যিকোনো দলৰ লগতেই মিত্ৰতা কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে ৷ বিটিআৰ পৰিষদীয় নিৰ্বাচনত 10 খন আসন পাব বুলি আত্মবিশ্বাসী বুলিও মন্তব্য কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে ৷

নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিলে VPI য়ে

লগতে পঢ়কঃপাৰস্পৰিক ঐক্যমতে বিলম্ব কৰিব আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিঃ ভাৰতীয় বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.