ETV Bharat / state

আংশিক লকডাউনৰ মাজতে বকোত তীব্ৰ যানজঁট

author img

By

Published : Jun 9, 2021, 4:55 PM IST

Updated : Jun 9, 2021, 6:12 PM IST

traffic jam at boko
আংশিক লকডাউনৰ মাজতে বকোত তীব্ৰ যানজঁট

ৰাজ্যৰ সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা আন্তঃজিলা যোগাযোগ বন্ধ থকাৰ পাচতো বকোৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত দৈনিক সৃষ্টি হৈ আহিছে তীব্ৰ যানজঁট ৷

বকো,9 জুন: ৰাজ্য চৰকাৰে মহামাৰীৰ কৱলৰ পৰা ৰাজ্যবাসীক উদ্ধাৰৰ বাবে সান্ধ্য আইন তথা আংশিক লকডাউন ঘোষণা কৰাৰ পাচতো সজাগ নহয় একাংশ লোক ৷ সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা আন্তঃজিলা যোগাযোগ বন্ধ থকাৰ পাচতো বকোৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে ব্যাপক যানজঁট ৷ দীৰ্ঘদিনৰ পৰা বকোৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত দৈনিক সৃষ্টি হৈ আহিছে তীব্ৰ যানজঁটৰ সমস্যা ৷

আংশিক লকডাউনৰ মাজতে বকোত তীব্ৰ যানজঁট

বৰ্তমান সময়ত সকলো যানবাহন চলাচল নকৰা স্বত্তেও বকোৰ মাজমজিয়াত দৈনিক তীব্ৰ যানজঁটৰ সমস্যাৰ সৃষ্টি হোৱাত বকো আৰক্ষীৰ ভূমিকাক সন্দেহৰ চকুৰে চাইছে বকোৰ সচেতন মহলে। ইয়াৰোপৰি ৰাষ্ট্ৰীয় ঘাইপথৰে চলি থকা ই-ৰিক্সা সমূহৰ বাবেও যানজটৰ সমস্যা হোৱা বুলি মন্তব্য কৰিছে একাংশ লোকে । এই ক্ষেত্ৰত স্থানীয় ৰাইজে শীঘ্ৰে এই সমস্যা দূৰ কৰাৰ বাবে আৰক্ষী তথা জিলা প্ৰশাসনক দাবী জনাইছে।

লগতে পঢ়ক: বিশিষ্ট লেখক ড° ৰোহিণী কুমাৰ বৰুৱা আৰু নাই

Last Updated :Jun 9, 2021, 6:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.