3 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 17, 2021, 3:04 PM IST

TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ 10 বাতৰি

GST ফাঁকি দি চোৰাংচোৱা বিভাগৰ জালত ৪০ ব্যৱসায়ী

জি এছ টি (GST) ফাঁকি দি ব্যৱসায় চলাই থকা 40 ব্যৱসায়ীলৈ চোৰাংচোৱা বিভাগৰ জাননী ৷ জাননী প্ৰেৰণ কৰা এই ৪০ গৰাকী ব্যৱসায়ীয়েই হৈছে মূলতঃ কয়লা আৰু চিমেন্ট ব্যৱসায়ৰ সৈতে জড়িত ।

পৃথক বড়োলেণ্ডৰ দাবীৰে নতুন উগ্ৰপন্থী সংগঠন ULBৰ আত্মপ্ৰকাশ

ডিভাইড আছাম 50/50 দাবীৰে নতুন উগ্ৰপন্থী(Militant) সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ’ৰ বড়োলেণ্ড (ULB)ৰ আত্মপ্ৰকাশ ৷ পৃথক বড়োলেণ্ড গঠনৰ দাবীত 15 ছেপ্তেম্বৰত বিবৃতি আৰু এক ভিডিঅ’যোগে আত্মপ্ৰকাশ কৰে উগ্ৰপন্থী সংগঠনটোৱে ৷

পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাসৰ সম্ভাৱনা

লক্ষ্ণৌত অনুষ্ঠিত হৈছে 45তম জিএছটি পৰিষদৰ বৈঠক ৷ বৈঠকত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) পৰিষদে পেট্ৰ'ল, ডিজেল আৰু অন্যান্য পেট্ৰ'লিয়াম সামগ্ৰীক ইয়াৰ পৰিধিৰ অধীনলৈ অনাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা ৷ বৈঠকৰ আলোচনা সফল হ'লে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাসৰ সম্ভাৱনা আছে ৷

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সমষ্টিত লুৰিণজ্যোতি গগৈৰ গৰ্জন

অসম জাতীয় পৰিষদৰ(AJP) বজালী জিলা সমিতি আৰু পাটাছাৰকুছি সমষ্টিৰ মুখ্য কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে(Lurinjyoti Gogoi) ৷ কাৰ্যালয় উদ্বোধন কৰি সভাপতি গগৈয়ে সংবাদ মাধ্যমৰ আগত বিজেপি বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় ।

পিছপৰা সম্প্ৰদায়ৰ সমস্যাৰ বুজ ল’বলৈ বৰাকত বিশ্বজিৎ দৈমাৰী

বৰাক উপত্যকাৰ পিছপৰা সম্প্ৰদায়ৰ লোকসকলৰ সমস্যাৰ বুজ ল’বলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী(Biswajit Daimary) ৷ অসম-মিজোৰাম সীমান্তৰ মানিকবন্দ গাঁৱত উপস্থিত হৈ আদিবাসীসকলৰ যাৱতীয় সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰাৰ আশ্বাস দিয়ে অধ্যক্ষগৰাকীয়ে ৷

বৰপেটা সত্ৰত শৰাই দি প্ৰধানমন্ত্ৰীৰ সু-স্বাস্থ্য কামনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(PM Modi) 71 সংখ্যক জন্মদিন উপলক্ষে বৰপেটা সত্ৰত(Barpeta satra) শৰাই আগবঢ়ায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Ranjeet Kumar Das) ৷ লগতে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিয়ে গ্ৰহণ কৰা ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰো তদাৰক কৰে মন্ত্ৰী দাসে ৷

থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীৰে নুমলীগড়ত প্ৰতিবাদ

নুমলীগড় তেল শোধনাগাৰৰ(Numaligarh Refinery Limited) মুখ্যদ্বাৰত কাৰিকৰী নিবনুৱাসকলৰ উত্তাল প্ৰতিবাদ । ত্ৰুটিপূৰ্ণ নিয়োগ নীতি বাতিল কৰি অতিৰিক্ত পদ মুকলিৰে থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে নিৱনুৱাসকলে ৷

কৰ্তব্যৰত বিষয়াক ভাবুকি দি মোকলোৱাৰ চেষ্টা চোৰাং কাঠ ভৰ্তি ট্ৰাক

বৃহস্পতিবাৰে বৰপেটাৰ হাউলীত জিলা পৰিবহন বিভাগৰ এনফ'ৰ্চমেণ্ট বিষয়াৰ নেতৃত্বত নিয়মীয়া চালাচীৰ সময়তে জব্দ কৰা হৈছিল এখন অবৈধ কাঠ ভৰ্তি ট্ৰাক ৷ কিন্তু ট্ৰাকখন আগে আগে এখন ব্যক্তিগত বাহনত আহি থকা যুৱকৰ এটা দলে কৰ্তব্যৰত বিষয়াক ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন হৈছে ৷

প্ৰধানমন্ত্ৰী মোডীৰ শাসনকালৰ মাইলৰ খুঁটিসমূহৰ চমু আভাষ...

আজি 71 বছৰত ভৰি দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Prime Minister Narendra Modi) ৷ তেওঁৰ জন্মদিনটো ঐতিহাসিকৰূপে পালন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে বিজেপিয়ে(BJP) । বিজেপিৰ লক্ষ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনত দেশবাসীক সৰ্বাধিক ক’ভিড ভেকচিন(Covid Vaccine) প্ৰদান কৰা হ’ব ৷

বিশ্বকাপৰ পাছত ৰোহিত শৰ্মা হ'ব টি-২০ দলৰ অধিনায়ক: বিনোদ কাম্বলী

অহা অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ ক্ৰিকেট । ইয়াৰ পূৰ্বে বিৰাট কোহলীয়ে ঘোষণা কৰিছে বিশ্বকাপৰ পাছত তেওঁ টি-২০ ফৰ্মেটত অধিনায়কৰ দায়িত্ব এৰিব । তেওঁৰ এই ঘোষণাৰ পাছত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.