বৰপেটা সত্ৰত শৰাই দি প্ৰধানমন্ত্ৰীৰ সু-স্বাস্থ্য কামনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

author img

By

Published : Sep 17, 2021, 12:57 PM IST

minister ranjeet kumar das prays for pm modis good health in his birthday

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(PM Modi) 71 সংখ্যক জন্মদিন উপলক্ষে বৰপেটা সত্ৰত(Barpeta satra) শৰাই আগবঢ়ায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Ranjeet Kumar Das) ৷ লগতে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিয়ে গ্ৰহণ কৰা ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰো তদাৰক কৰে মন্ত্ৰী দাসে ৷

বৰপেটা, 17 ছেপ্তেম্বৰ : শুকুৰবাৰে পুৱাৰ ভাগত বৰপেটা সত্ৰত(Barpeta satra) উপস্থিত হৈ শৰাই আগবঢ়ায় ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Ranjeet Kumar Das) ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(PM Modi) 71 সংখ্যক জন্মদিন উপলক্ষে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাই সত্ৰত সেৱা লয় মন্ত্ৰী দাসে ৷

বৰপেটা সত্ৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস আৰু দলীয় কাৰ্যকৰ্তাসকলক লগত লৈ মন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোডীৰ সু-স্বাস্থ্য কামনাৰে আশীস গ্ৰহণ কৰে ৷ আশীস গ্ৰহণৰ অন্তত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ জনতাৰ বাবে চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনিসমূহৰ কথা উল্লেখ কৰি দেশৰ প্ৰতিটো পৰিয়ালক এটা আৱাসগৃহৰ পৰিৱৰ্তে এখন সম্পূৰ্ণ ঘৰ দিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে ৷

  • Visited the Barpeta Satra today to offer my prayers for the wellbeing of our Hon'ble PM Shri. @narendramodi dangoria on the occasion of his birthday.

    His leadership is a boon for the country and we are fortunate to witness drastic transformation under his able leadership. pic.twitter.com/lHqq2BK0Q7

    — Ranjeet Kumar Dass (@RanjeetkrDass) September 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শাসনভাৰ গ্ৰহণ কৰাৰ পাচতহে দেশৰ জনতাই স্বাধীনতাৰ অমৃত মন্থন কৰিবলৈ সক্ষম হৈছে ৷ জল জীৱন মিছনৰ অধীনত গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলটো অচিৰেই ঘৰে ঘৰে পানী যোগানৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

বৰপেটা চহৰৰ তিনিটা ক’ভিড(Covid) ভেকচিন কেন্দ্ৰত উপস্থিত হৈ ভেকচিন(Vaccine) প্ৰদান কাৰ্যসূচীৰ তদাৰক কৰে মন্ত্ৰী দাসে ৷ বৰপেটাৰ পিচতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বঙাইগাঁও আৰু ধুবুৰীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিয়ে গ্ৰহণ কৰা ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ তদাৰক কৰিব বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক: শুকুৰবাৰে ডিব্ৰুগড়ত হ'ব মেগা ভেকচিনেশ্যন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.