পিছপৰা সম্প্ৰদায়ৰ সমস্যাৰ বুজ ল’বলৈ বৰাকত বিশ্বজিৎ দৈমাৰী

author img

By

Published : Sep 17, 2021, 12:21 PM IST

biswajit daimary visited to tribal villages of barak

বৰাক উপত্যকাৰ পিছপৰা সম্প্ৰদায়ৰ লোকসকলৰ সমস্যাৰ বুজ ল’বলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী(Biswajit Daimary) ৷ অসম-মিজোৰাম সীমান্তৰ মানিকবন্দ গাঁৱত উপস্থিত হৈ আদিবাসীসকলৰ যাৱতীয় সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰাৰ আশ্বাস দিয়ে অধ্যক্ষগৰাকীয়ে ৷

কৰিমগঞ্জ, 17 ছেপ্তেম্বৰ : কৰিমগঞ্জ জিলাৰ পিছপৰা সম্প্ৰদায়ৰ সৈতে মত-বিনিময় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ(Biswajit Daimary) ৷ বুধবাৰে সন্ধিয়া ভাগত পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত অসম-মিজোৰাম সীমান্তৰ মানিকবন্দ গাঁৱত এক অনুষ্ঠানত ভাগ লয় অধ্যক্ষগৰাকীয়ে ৷

সভাত উপজাতি আৰু পিছপৰা সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত-বিনিময় কৰি অধ্যক্ষগৰাকীয়ে আদিবাসী আৰু উপজাতিসকলৰ বাস্তৱ ছবিখন মুখ্যমন্ত্ৰীৰ সন্মুখত দাঙি ধৰাৰ আশ্বাস দিয়ে ৷ ৰাজ্যত বিধানসভা অধিৱেশনত ইতিমধ্যে ‘আদিবাসীৰ নিষ্ঠা আৰু সংস্কৃতি’ নামৰ এটা নতুন বিভাগৰ অনুমোদন জনোৱা হৈছে।

বৰাকত বিশ্বজিৎ দৈমাৰী

এই নতুন বিভাগটোৰ দায়িত্বত আছে খোদ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷ আদিবাসীসকলৰ যাৱতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰতিটো উপজাতি অধ্যুষিত অঞ্চলত উপযুক্ত ব্যবস্থা গ্ৰহণৰ বাবে চৰজমিনে উপস্থিত হৈ তথ্য সংগ্ৰহ কৰিছে অধ্যক্ষগৰাকীয়ে ।

অধ্যক্ষ দৈমাৰীয়ে কয় যে, ৰাজ্যৰ বেলেগ বেলেগ অঞ্চলৰ উপজাতি তথা আদিবাসীসকলৰ যিসকেল চৰকাৰী সা-সুবিধা ভোগ কৰি আছে, তেওঁলোকৰ লেখীয়াকৈ কৰিমগঞ্জৰ উপজাতিসকলকো চৰকাৰী সুবিধা প্ৰদান কৰা হ’ব ৷ আদিবাসীসকলৰ যাৱতীয় ধর্মীয় আৰু সাংস্কৃতিক উন্নয়নতো বিশেষ ভূমিকা লোৱা হ’ব । তেওঁলোকৰ সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰত মানিকবন্দত এখন একলব্য বিদ্যালয় স্থাপন কৰা হ’ব বুলিও অধ্যক্ষগৰাকীয়ে সদৰী কৰে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাৰ(Himanta Biswa Sarma) নিৰ্দেশমৰ্মে বৰাক উপত্যকাৰ আদিবাসীসকলৰ খবৰ ল’বলৈ তিনিদিনিয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত হয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷ ছেণ্ট জোছেফ স্কুলৰ খেলপথাৰত আয়োজন কৰা সভাত তেওঁৰ সৈতে উপস্থিত থাকে লক্ষীপুৰৰ বিধায়ক কৌশিক ৰাই, ডিমা হাছাওৰ বিধায়ক নন্দিতা গাৰ্লোচা, ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ আৰু পাথাৰকান্দিৰ বিধায়ক কৃষেন্দু পাল ৷

লগতে পঢ়ক: স্বাক্ষৰিত শান্তি চুক্তিকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে কাৰ্বি পাহাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.