থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীৰে নুমলীগড়ত প্ৰতিবাদ

By

Published : Sep 17, 2021, 10:42 AM IST

thumbnail

নুমলীগড় তেল শোধনাগাৰৰ(Numaligarh Refinery Limited) মুখ্যদ্বাৰত কাৰিকৰী নিবনুৱাসকলৰ উত্তাল প্ৰতিবাদ । ত্ৰুটিপূৰ্ণ নিয়োগ নীতি বাতিল কৰি অতিৰিক্ত পদ মুকলিৰে থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে নিৱনুৱাসকলে ৷ ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে থলুৱা শ্ৰমিক-ঠিকাদাৰক প্ৰহাৰ কৰা দোষীক শাস্তিৰ দাবী জনায় । NRLৰ মুখ্যদ্বাৰত সহস্ৰাধিক শ্ৰমিক একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । কাৰিকৰী নিবনুৱা সন্থাৰ এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাইছে নুমলীগড় ৰিফাইনেৰী গ্ৰেটাৰ ৱৰ্কাছ ইউনিয়ন, আটছাকে ধৰি কেইবাটাও সংগঠনে । শীঘ্ৰেই এইসমূহ দাবী মানি নল’লে অনাগত দিৱনত অধিক ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.