ETV Bharat / state

19 অক্টোবৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

author img

By

Published : Sep 28, 2021, 8:52 PM IST

state-schools-will-re-open-from-october-19
19 অক্টোবৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ বিদ্যালয় সমূহ

আগন্তুক 19 অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয় সমূহৰ পাঠদান ৷ একেদৰে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ পাঠদানো 19 অক্টোবৰৰ পৰাই আৰম্ভ হ'ব ৷ সপ্তাহত তিনিদিনকৈ হ'ব পাঠদান ৷ ৰাজ্যৰ শিক্ষা বিভাগে প্ৰকাশ কৰিছে এই কথা ৷

গুৱাহাটী,28 ছেপ্তেম্বৰ : ক'ভিডৰ সংক্ৰমণৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয় সমূহৰ পাঠদান আগন্তুক 19 অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব ৷ এই কথা সদৰি কৰিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ আনহাতে শিক্ষা বিভাগেও এই সন্দৰ্ভত জাননী জাৰি কৰিছে ৷ জাননী অনুসৰি, 19 অক্টোবৰৰ পৰা ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সপ্তাহত তিনিদিনকৈ হ'ব পাঠদান ৷

state-schools-will-re-open-from-october-19
19 অক্টোবৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ বিদ্যালয় সমূহ

প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে হোৱাৰ বিপৰীতে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে হ'ব ৷ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলে পাঠদানৰ সময়ৰ লগতে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত ক'ভিড প্ৰট'কল কঠোৰভাৱে পালন কৰা ইত্যাদি দিশবোৰ পৰ্যবেক্ষণ কৰিব লাগিব বুলি জাননীত উল্লেখ কৰা হৈছে ৷ পাঠদান আৰম্ভ হ'লেও অৱশ্যে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী উপস্থিত থকাটো সম্পূৰ্ণ ব্যক্তিগত বিষয় ৷

উল্লেখ্য যে, কোনো শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ত উপস্থিত থকাৰ বাবে বাধ্য কৰাব নোৱাৰিব ৷ আনহাতে ৰাজ্যত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈয়ো পাঠদান 19 অক্টোবৰৰ পৰাই আৰম্ভ হ'ব ৷ সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে ষষ্ঠ শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হ’ব ৷ ইয়াৰ বিপৰীতে সপ্তম শ্ৰেণীৰ পাঠদান মঙল, বৃহস্পতি আৰু শনিবাৰে অনুষ্ঠিত হ'ব ৷

state-schools-will-re-open-from-october-19
19 অক্টোবৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ বিদ্যালয় সমূহ

আনহাতে অষ্টম শ্ৰেণীৰ পাঠদান বুধ, শুকুৰ আৰু শনিবাৰে অনুষ্ঠিত হ'ব ৷ সেইদৰে উচ্চ প্ৰাথমিক বিদ্যালয় সমূহৰ হোষ্টেল সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত খোলা নহ’ব বুলি জাননীত উল্লেখ কৰা হৈছে ৷ বিদ্যালয়ত পাঠদান অনুষ্ঠিত হ'লেও বিদ্যালয়ৰ ভিতৰত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব ৷ এটা শ্ৰেণীত একেসময়ত 30 জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী যাতে উপস্থিত নাথাকে সেই কথা নিশ্চিত কৰিবলৈয়ো বিদ্যালয় কৰ্তৃপক্ষক দায়িত্ব দিয়া হৈছে ৷

নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ দৰে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানো অক্টোবৰ মাহৰ পৰাই আৰম্ভ হ'ব ৷ নৱম শ্ৰেণীৰ পাঠদান 1 অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বাদশ আৰু দশম শ্ৰেণীৰ পাঠদান ক্ৰমে 6 অক্টোবৰ আৰু 20 অক্টোবৰৰ পৰা আৰম্ভ হ'ব ৷ একেদৰে একাদশ শ্ৰেণীৰ পাঠদান 19 অক্টোবৰৰ পৰা আৰম্ভ হ'ব ৷ বিদ্যালয়ত পাঠদান কৰা সকলো শিক্ষক-কৰ্মচাৰীকে ক'ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে ৷

আনহাতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, পলিটেকনিক, ইঞ্জিনীয়াৰিং কলেজ, শিক্ষক প্ৰশিক্ষণ কলেজৰ ক্ষেত্ৰত 1 অক্টোবৰৰ পৰা প্ৰতিদিনে পাঠদান হ'ব ৷ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসমূহৰ বাবেহে হোষ্টেলৰ সুবিধা উপলব্ধ হ'ব ৷

লগতে পঢ়কঃ বিদ্যালয়ৰ ভূমিত বেদখল চলালে কংগ্ৰেছ বিধায়কে !

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.