ETV Bharat / state

বিদ্যালয়ৰ ভূমিত বেদখল চলালে কংগ্ৰেছ বিধায়কে !

author img

By

Published : Sep 28, 2021, 8:09 PM IST

গৰুখুটিৰ পিছত এইবাৰ ৰূপহীহাট বেদখল ৷ খোদ বিধায়কৰ পৃষ্ঠপোষকতাত বেদখল চলাৰ এই অভিযোগ ৷ বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বেদখলৰ অভিযোগ এগৰাকী কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে ৷ জানো আহক কোন এই বিধায়ক ৷

sources-says-encroaching-going-on-by-support-of-a-congress-mla
কংগ্ৰেছী বিধায়কৰ পৃষ্ঠপোষকতাত বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বেদখল !

ৰূপহীহাট, 28 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি আৰম্ভ হৈছে বেদখল উচ্ছেদ অভিযান ৷ উচ্ছেদ অভিযানৰ মাজতে গৰুখুটিত সংঘটিত হ’ল হিংসাত্মক ঘটনা ৷ এই ঘটনাই ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰাৰ সময়তে পোহৰলৈ আহিছে ভূমি বেদখলৰ আন এক ঘটনা ৷ এগৰাকী কংগ্ৰেছী বিধায়কৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বেদখলৰ অভিযোগে তোলপাৰ লগাইছে ৰূপহীহাট ৷ এই অভিযোগ উত্থাপিত হৈছে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে ৷

বিদ্যালয়ৰ ভূমিত বেদখল চলালে কংগ্ৰেছ বিধায়কে !

অভিযোগ অনুসৰি, বিধায়ক গৰাকীৰ পৃষ্ঠপোষকতাত খেলপথাৰৰ মাজমজিয়াত ইতিমধ্যেই আৰম্ভ হৈছে দেৱাল নিৰ্মাণৰ কাম । ঐতিহ্যমণ্ডিত ৰূপহীহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ মাজত দেৱাল নিৰ্মাণ হোৱা দেখি জাঙুৰ খাই উঠিল খোদ বিদ্যালয়খনৰ অধ্যক্ষ ৷ এইদৰে মুঠ ৯ বিঘা চৰকাৰী ভূমিৰ এক বৃহৎ অংশত পকী দেৱাল নিৰ্মাণ কৰাটোক লৈ ক্ষুব্ধ হৈ পৰিছে অধ্যক্ষ গৰাকী ৷ খেলপথাৰৰ ভূমি বেদখল কৰিব বিচৰা বুলি অভিযোগ তুলি অধ্যক্ষ মজিবুৰ ৰহমানে ৰূপহীহাট আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ ।

এই ঘটনাৰ পিছতেই আৰক্ষীয়ে সোমবাৰে খেল পথাৰত উপস্থিত হৈ দেৱাল নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে । এতিয়া প্ৰশ্ন হয়, যি সময়ত সমগ্ৰ ৰাজ্যজুৰি চৰকাৰে বেদখল বিৰোধী স্থিতি গ্ৰহণ কৰিছে সেই সময়তে এগৰাকী দায়িত্বশীল বিধায়কৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ চৰকাৰে কেনেদৰে গ্ৰহণ কৰিব ৷

লগতে পঢ়ক : গুলাবৰ পিছতে আন এক ঘূৰ্ণীবতাহে চুই যাব বংগোপ সাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.