ETV Bharat / state

চৰকাৰী বিষয়াক কঠোৰ সকীয়নি ভৱেশ কলিতাৰ

author img

By

Published : Aug 19, 2021, 2:08 PM IST

ৰঙিয়াত সংঘটিত পঞ্চায়তৰ দুৰ্নীতিৰ প্ৰকৃত স্বৰূপ উদঙালে ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই(Bhabesh Kalita) ৷ উৎকোচ লৈ অন্য চাকৰিয়ালক বদনাম নকৰিবলৈ পঞ্চায়ত প্ৰতিনিধিসহ খণ্ড উন্নয়ন বিষয়াক কঠোৰ ভাষাৰে সকীয়নি প্ৰদান সভাপতিগৰাকীৰ ৷

bhabesh-kalita-warn
ভৱেশ কলিতাৰ সকীয়নি

ৰঙিয়া, 19 আগষ্ট : ৰঙিয়াত বৃহস্পতিবাৰে এটি বজাৰগৃহৰ আধাৰশিলা স্থাপন কৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকীয়নি প্ৰদান কৰে ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই(Bhabesh Kalita) ৷ পঞ্চায়ত প্ৰতিনিধিসহ খণ্ড উন্নয়ন বিষয়াক উৎকোচ লোৱা সন্দৰ্ভত কঠোৰ ভাষাৰে সকীয়নি প্ৰদান কৰে সভাপতিগৰাকীয়ে ৷

আধাৰশিলা কৰাৰ পাচতেই অনুষ্ঠিত এক সভাত সভাপতি ভৱেশ কলিতাই উদঙাই দিলে ৰঙিয়াত সংঘটিত পঞ্চায়তৰ দুৰ্নীতিৰ প্ৰকৃত স্বৰূপ । তেওঁৰ সকীয়নিত মৌন হৈ পৰে সভাকক্ষ ৷ পঞ্চায়ত প্ৰতিনিধি, খণ্ড উন্নয়ন বিষয়াক উদ্দেশ্যি তেওঁ কয়, ‘‘কাকো মাতি নি চাহৰ হোটেলত পইচা নল’ব ৷ চাকৰি কৰক, আপোনালোকক সুন্দৰ দৰমহা দিছে’’ ৷

ভৱেশ কলিতাৰ সকীয়নি

লগতে পঢ়ক : বান পৰিস্থিতিৰ বুজ লৈ কি সিদ্ধান্ত মন্ত্ৰী সঞ্জয় কিষাণৰ ?

লগতে তেওঁ কয়, ‘‘চাকৰিৰ নামত বেলেগ চাকৰিয়ালক কিয় বদনাম কৰে আপোনালোকে ? ইমান মৰ্যাদা সম্পন্ন ব্যক্তি হৈ 200/50 টকাৰ কাৰণে আপোনালোকৰ মান-সন্মান কিয় শেষ কৰে ৷ আপোনালোকক দেখিলে মানুহে ভয় খাব লাগে ৷ আপোনালোকক দেখিলে যেন মানুহে নাহাঁহে’’৷

অটল বিহাৰী বাজপেয়ীৰ এষাৰ কথা আঁওৰাই সভাপতিগৰাকীয়ে কয়, ‘‘আপোনালোকে মোক দেখি হাঁহিছে, এদিন আপোনালোকক দেখি হাঁহিব । পাব্লিকে হাঁহিব আপোনালোকে কান্দিব । এই কথাটো আপোনালোকে অনুধাৱন কৰিব ৷ পাব্লিকৰ হাঁহিয়াতৰ পাত্ৰ হ’বলৈ নাযাব’’ । সভাকক্ষতে ভৱিষ্যতে দাদালি কামত জড়িত নহ’বৰ বাবে পঞ্চায়ত প্ৰতিনিধি, খণ্ড উন্নয়ন বিষয়াক কঠোৰ সকীয়নি প্ৰদান কৰে সভাপতি ভৱেশ কলিতাই ৷

লগতে পঢ়ক : পহিলা চেপ্টেম্বৰত আৰম্ভ হ’ব অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.