ETV Bharat / state

BJP internal conflict: নেতা-কৰ্মীয়ে দলত্যাগ কৰাটো সংবাদ মাধ্যমৰহে সৃষ্টি; ভৱেশ কলিতা

author img

By

Published : Jun 9, 2023, 6:47 PM IST

‘যদি মই দল পৰিচালনা কৰিব পৰা নাই তেন্তে তাত মোৰ ক’ব লগা একো নাই ৷’- এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (MLA Bhabesh Kalita) ৷ এগৰাকী বিৰোধী বিধায়কে বিজেপিত যোগদানৰ বাবে যোগাযোগ চলাই আছে বুলিও কলিতাই মন্তব্য কৰে ৷

BJP internal conflict
BJP internal conflict

নিজ দলৰ প্ৰতি কিয় আস্থা হেৰাইছে দলীয় কৰ্মীৰ ?

গুৱহাটী, 9 জুন: শেহতীয়াকৈ অসম ৰাজ্যিক বিজেপিত পদত্যাগ আৰু দলত্যাগৰ জোৱাৰ উঠিছে ৷ অৰ্থাৎ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ কাৰ্যকালত দলত্যাগ কৰিছে বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে ৷ ৰঙিয়াত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভৱেশ কলিতাই (Internal conflict in Assam BJP) ৷

কলিতাই কয় যে বিজেপিত কোনেও দল ত্যাগ কৰা নাই ৷ দলৰ নেতা-কৰ্মীয়ে দলত্যাগ কৰাটো সংবাদ মাধ্যমৰহে সৃষ্টি বুলিও কলিতাই মন্তব্য কৰে ৷ নতুনকৈ ৰাজ্যিক বিজেপিৰ সভাপতি উজনি অসমৰ হ’ব বুলি চৰ্চা চলা প্ৰসংগতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এই কথা মই নাজানো, সেয়া দলেহে জানিব বুলি উল্লেখ কৰি কলতাই কয় যে দলে তেওঁক য’ত থাকিবলৈ কয় তাতেই থাকিব ৷ মোক দলে কি দিয়ে সেয়া মই নাজানোঁ বুলিও তেওঁ মন্তব্য কৰে (BJP president Bhabesh Kalita) ৷

এগৰাকী বিৰোধী বিধায়কে বিজেপিত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি কলিতাই কয় যে দলৰ জনপ্ৰিয়তা এতিয়া শীৰ্ষত আছে ৷ যদি মই দল পৰিচালনা কৰিব পৰা নাই তেন্তে মোৰ ক’ব লগা নাই বুলিও ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্বত থকা ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ লগতে কয় যে পানীৰ বৰণ নথকাৰ দৰে আমাৰো বৰণ নাই ৷ আমি দলৰ কাৰ্যকৰ্তাহে ৷

উল্লেখ্য যে শেহতীয়াকৈ বিজেপিৰ একাংশ নেতা-কৰ্মীৰ মাজত সৃষ্টি হৈছে বিষোদগাৰ (Internal fight in Assam BJP) ৷ ইয়াৰ প্ৰতিফলন ঘটিছে যোৰহাট আৰু শিৱসাগৰ বিজেপিত ৷ শাসকীয় দলটোৰ অভ্যন্তৰত উমি উমি জ্বলি থকা বিদ্ৰোহৰ জুই যেন ক্ৰমাৎ বাঢ়িহে গৈ আছে । যোৰহাট জিলা বিজেপিৰ জিলা সভাপতি হেমন্ত কলিতাৰ কাম-কাজত স্বেচ্ছাচাৰিতাৰ অভিযোগ উত্থাপন কৰি এই পর্যন্ত প্ৰায় কেইবাজনো জিলা পৰ্যায়ৰ বিষয়ববীয়াই নিজ নিজ পদ ত্যাগ কৰিছে । অৱশ্যে কোনেও ত্যাগ কৰা নাই দল (BJP leader resigned) ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কোৱাৰ দৰেই বিজেপিত আৰম্ভ হৈছে নেকি খহনীয়া ৷ ইফালে যোৰহাট আৰু শিৱসাগৰ বিজেপিৰ পাচত ডিব্ৰুগড় বিজেপিৰো এগৰাকী নেতাই পদত্যাগ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Internal Conflict in BJP: ভূপেন বৰাই কোৱাৰ দৰেই বিজেপিত আৰম্ভ হ’ল নেকি খহনীয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.