ETV Bharat / state

অমিত শ্বাহক আদৰাৰ বাবে আমিনগাঁৱত যুদ্ধকালীন তৎপৰতা

author img

By

Published : Dec 24, 2020, 12:26 PM IST

amit shah to visit assam on 26 december
অমিত শ্বাহক আদৰাৰ বাবে আমিনগাঁৱত যুদ্ধকালীন তৎপৰতা

গৃহ মন্ত্ৰী অমিত শ্বাহক আদৰাৰ বাবে আমিনগাঁৱত যুদ্ধকালীন তৎপৰতা ৷ আমিনগাঁৱত নিৰ্মিত সভাথলী পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰাজ্য চৰকাৰৰ অসম দৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব অমিত শ্বাহে ৷

কামৰূপ, 24 ডিচেম্বৰ: 26 ডিচেম্বৰত অসমত আহি উপস্থিত হ'ব কেন্দ্ৰী গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীক আদৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ মাজত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আদৰাৰ বাবে আমিনগাঁৱত নিৰ্মাণ হোৱা বিশাল ৰভা স্থলী পৰিদৰ্শন কৰাৰ বাবে বুধবাৰে নিশা আমিনগাঁৱত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

আমিনগাঁৱত নিৰ্মিত সভাথলী পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আমিনগাঁৱত নিৰ্মিত সভাথলী পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে কামৰ অগ্ৰগতিৰ বুজ লয় ৷ মন্ত্ৰী গৰাকীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়া মতে আমিনগাঁও নুমলী নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত অমিত শ্বাহে ৰাজ্য চৰকাৰৰ অসম দৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব ।

উক্ত আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰায় আঠ হাজাৰ নামঘৰ আৰু মন্দিৰক আঢ়ৈ লাখ টকাৰ বিশেষ অনুদান প্ৰদান কৰা হ'ব বুলিও শৰ্মাই জানিবলৈ দিয়ে ৷ তেওঁ কয় যে ৰাজ্যৰ প্ৰত্যেকটো সমষ্টিৰ 50 ৰ পৰা 55 টা নামঘৰ আৰু মন্দিৰে এই আঁচনিৰ সুবিধা লাভ কৰিব ৷

মন্ত্ৰী শৰ্মাই সদৰী কৰা মতে একেটা অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে 9 খনকৈ আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ তথা গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব ৷

জানিব পৰা মতে অমিত শ্বাহক আদৰিবলৈ নিৰ্মাণ কৰা বিশাল সভাগৃহত 17 ৰ পৰা 20 লোক সমবেত হ'ব পাৰিব ৷
লগতে পঢ়ক:10 মিনিটৰ বাবে স্থগিত ঘোষণা বিটিচিৰ সদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.