ETV Bharat / state

তামুলপুৰ বৃদ্ধৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Jun 12, 2022, 10:45 PM IST

Murder at Tamulpur
তামুলপুৰৰ বৰঘুলিত চুপাৰ চৈয়দ আলী ৰহস্যজনক মৃত্যু

ৰঙিয়াৰ সমীপৰ তামুলপুৰ জিলাৰ বৰঘুলিত এজন লোকৰ ৰহস্যজনক মৃত্যু (Sensational death in Tamulpur) । পত্নী-পুত্ৰই হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য (Murder in Tamulpur) ৷

ৰঙিয়া, 12 জুন : ৰঙিয়াৰ সমীপৰ তামুলপুৰ জিলাৰ বৰঘুলিত অঘটন ৷ বৰঘুলিত এজন লোকৰ ৰহস্যজনক মৃত্যুৱে অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ (Sensational death in Tamulpur) । মৃত লোকজন হৈছে কাউৰবাহা চকীৰ অন্তৰ্গত বৰঘূলিৰ মছজিদ চুপাৰ চৈয়দ আলী (60) । একাংশ ৰাইজৰ সন্দেহ, 60 বছৰীয়া চৈয়দ আলীক হত্যা কৰিলে পত্নী-পুত্ৰই (Tamulpur murder case) ৷

ঘটনাৰ বিৱৰণি অনুসৰি, শুকুৰবাৰে পুৱা নিজ গৃহতে চৈয়দ আলীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ ৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ এই খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় কাউৰবাহা আৰক্ষীৰ এটা দল ৷

প্ৰতিবেশীৰ অভিযোগৰ ভিত্তিত উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে মৃত চৈয়দ আলীৰ পত্নী ৰুণুৱাৰা বেগম আৰু পুত্ৰ চাইদুল ৰহমানক ৷ ইফালে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, চৈয়দ আলীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ৷ কিয়নো দীৰ্ঘদিন ধৰি চুপাৰ চৈয়দ আলীক পত্নী-পুত্ৰই নিৰ্যাতন চলাই আহিছিল ৷

জানিব পৰা মতে, বৰ্তমানেও আৰক্ষীৰ জিম্মাত আছে মৃত চুপাৰ চৈয়দ আলীৰ পত্নী-পুত্ৰ ৷ তামুলপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷ অৱশ্যে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হৈছে সেই সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে লাভ কৰা নাই কোনো তথ্য ৷

লগতে পঢ়ক : হত্যাকাণ্ডৰ এবছৰৰ পাচত গ্ৰেপ্তাৰ গোৱালপাৰাৰ চুপাৰি কিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.