Sensational murder at Sonari: শাৰীৰিক অসুস্থতাৰ বাবে পিতৃয়ে হত্যা কৰে পুত্ৰক

By

Published : Jun 10, 2022, 9:54 PM IST

thumbnail

সোণাৰিৰ আইদেউবাৰী চাহ বাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder at Sonari) । এইবাৰ পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ (Father kills son in Charaideo district) । তথ্য অনুসৰি, পুত্ৰ নৰেশ গোৱালা (২৪)ৰ শাৰীৰিক অসুস্থতাৰ বাবেই পিতৃ জগন্নাথ গোৱালাই হত্যা কৰে পুত্ৰক ৷ তাৰ পাচত নৰেশ গোৱালাৰ মৃতদেহটো উটুৱাই দিয়ে টীয়ক নদীত ৷ এই সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷ আনকি পুত্ৰক হত্যা কৰাৰ কথা স্বীকাৰো কৰিছে জগন্নাথ গোৱালাই ৷ ইফালে গাঁওৰক্ষীবাহিনীয়ে ঘটনা সন্দৰ্ভত খবৰ দিয়ে সোণাৰি আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় সোণাৰি আৰক্ষীৰ এটা দল আৰু আৰম্ভ কৰে তদন্ত ৷ জানিব পৰা মতে, ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পিতৃ জগন্নাথ গোৱালাক । উল্লেখ্য যে, বাতৰি লিখা পৰলৈকে উদ্ধাৰ হোৱা নাই নৰেশ গোৱালাৰ মৃতদেহ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.