ETV Bharat / state

ৰঙিয়াত মৎস্য পালনেৰে স্বাৱলম্বী এগৰাকী শিক্ষক

author img

By

Published : Aug 18, 2021, 5:21 PM IST

rangia teacher
ৰঙিয়াত মৎস্য পালনেৰে স্বাৱলম্বী এগৰাকী শিক্ষক

বিদ্যালয় বন্ধ হোৱাত উপাৰ্জনৰ বিকল্প পথ লৈছে এগৰাকী শিক্ষকে । মৎস্য আৰু হাঁহ পালনেৰে আৰ্থিক সংকট দূৰ কৰাৰ চেষ্টা ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক গৰাকীৰ ।

ৰঙিয়া,১৮ আগষ্ট : ক'ভিড (Covid) সৃষ্ট পৰিৱেশে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত লোকসকলক প্ৰভাৱান্বিত কৰিছে । বহু লোকে কৰ্মসংস্থাপন হেৰুৱাইছে । বহুতৰে উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে ।

কিন্তু তাৰ মাজতো একাংশ লোকে স্বাৱলম্বীতাৰ অন্য পথ বাছি লৈছে । তেনে এগৰাকী হৈছে ৰঙিয়াৰ মাদৈকাটাৰ উচ্চ শিক্ষিত যুৱক তথা শিক্ষক ৰচিদুল আলম । শেহতীয়াকৈ তেওঁ এখন ব্যক্তিগত বিদ্যালয় স্থাপন কৰিছিল । বিদ্যালয়খনৰ পৰাই দুই এক পইচা লাভাংশ যুৱকজনৰ নিজৰ হাতলৈ আহিছিল লগতে আন কেইবাজনেও শিক্ষকতাৰ জৰিয়তে উপাৰ্জন কৰিছিল ।

ৰঙিয়াত মৎস্য পালনেৰে স্বাৱলম্বী এগৰাকী শিক্ষক

কিন্তু কৰ'ণাৰ (Corona) বাবে প্ৰায় যোৱা বছৰৰ পৰাই বিদ্যালয় বন্ধ হৈ আছে । যাৰ বাবে তেওঁৰ উপাৰ্জনৰ পথো বন্ধ হৈ পৰিল । এক প্ৰকাৰ আৰ্থিক সংকটত (Financial crisis) পৰিছিল ৰচিদুল আলম ।

অৱশ্যে আন লোকৰ দৰে তেওঁ নিৰাশ হোৱা নাছিল আৰু উপাৰ্জনৰ বিকল্প পথ বাছি লৈছিল । তেওঁ ১০ বিঘা মাটিৰ এটা পুখুৰীত মৎস্য পালনৰ সিদ্ধান্ত লয় । মৎস্য পালনৰ লগতে হাঁহ পালন কৰিও তেওঁ এতিয়া যথেষ্ট লাভৱান হৈছে । নিজৰ পুখুৰীৰ মাছ বিক্ৰী কৰি আনকি আৰ্থিক সংকটত দূৰ কৰিবলৈও সক্ষম হৈছে শিক্ষকগৰাকী ।

ৰচিদুলৰ মতে যিসকল যুৱকে এনেদৰে স্বাৱলম্বীতাৰ পথ বাছি লৈছে তেওঁলোকক চৰকাৰে সহায় কৰিব লাগে । তেওঁৰ মতে তেনে যুৱকসকলে চৰকাৰৰ সঁহাৰি পালে আনন্দিত হ'ব আৰু ভৱিষ্যত প্ৰজন্মই তেনে কাম কৰাৰ উৎসাহ পাব । তেওঁ উল্লেখ্য কৰা মতে তেওঁৰ এই পদক্ষেপৰ বাবে গাঁৱৰ কেইবাজনো লোকৰো উপাৰ্জনৰ পথ মুকলি হৈছে ।

লগতে পঢ়ক:অথন্তৰ: চৰকাৰী ম’বাইল ফোন পোৱাৰ পৰা বঞ্চিত হ’ব বহু শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.