ETV Bharat / state

কৰ’ণা ভাইৰাছৰ বাবে বহিঃৰাজ‍্যৰ যাত্ৰীৰ সুৰক্ষা সন্দৰ্ভত নজৰ ৰঙিয়া ৰে’ল বিভাগৰ

author img

By

Published : Mar 18, 2020, 11:27 AM IST

বহিঃৰাজ‍্যৰ পৰা অহা যাত্ৰীক নজৰত ৰাখিছে ৰঙিয়া ৰে’ল বিভাগে ৷ কৰ’ণা ভাইৰাছৰ আতংকৰ ফলত এই সিদ্ধান্ত গ্ৰহণ ৰে’ল বিভাগৰ ৷

Covid 19
সুৰক্ষা বৃদ্ধি

ৰঙিয়া,18 মাৰ্চঃ কৰ’ণা ভাইৰাছে বিশ্বব্যাপী আতংক সৃষ্টি কৰাৰ সময়তে ৰে’ল বিভাগে ৰঙিয়া ষ্টেচনত যাত্ৰীৰ মাজত সজাগতা বৃদ্ধিৰ বাবে পৰ্যবেক্ষণৰ ব্যৱস্থা কৰিছে । বিশেষকৈ বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা ৰে’লযাত্ৰী সকলৰ শৰীৰৰ তাপমাত্ৰা জোখাৰ ব্যৱস্থা কৰিছে ষ্টেচন কৰ্তৃপক্ষই। কোনো যাত্ৰীৰ শৰীৰৰ তাপমাত্ৰা 98° ডিগ্ৰী ফাৰেণহাইটতকৈ বেছি হোৱাৰ লগতে কৰ’ণাৰ লক্ষণ স্পষ্ট হয়,তেন্তে ততালিকে চিকিৎসালয়লৈ নিয়াৰ ব‍্যৱস্থা কৰা হৈছে । এতিয়াৰে পৰা বহিঃৰাজ্যৰ প্ৰতিগৰাকী যাত্ৰীকে এনেদৰে বিশেষ যন্ত্ৰৰে ৰে’ল বিভাগৰ স্বাস্থ্যকৰ্মীৰ এটা দলে পৰীক্ষা কৰি আছে।

Covid 19
সুৰক্ষা বৃদ্ধি

আনহাতে,ৰঙিয়া মহকুমা প্ৰশাসনৰ ফালৰ পৰা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ এটা দলে যাত্ৰীসকলৰ মাজত কৰ’ণা ভাইৰাছ সন্দৰ্ভত সজাগতা অভিযান চলাই থকা দেখা গৈছে । উল্লেখ্য যে,কৰ’ণা ভাইৰাছ সম্পৰ্কে উৰাবাতৰি বিয়পি পৰাৰ সময়তে ৰে’ল বিভাগ তথা স্থানীয় প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিছে সজাগতা সৃষ্টি কৰাৰ ।

কৰ’ণা ভাইৰাছৰ আতংক

লগতে চাওকঃগোৱালপাৰাত ভগা দলঙেৰে যাতায়াত অব্যাহত ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.