ETV Bharat / state

বকোত শোকাৱহ পথ দুৰ্ঘটনাত নিহত দুজন

author img

By

Published : Aug 23, 2020, 4:43 AM IST

boko road accident
boko road accident

পথ দুৰ্ঘটনাত মৃত্যু শিক্ষকৰ ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা মাৰে এল্ট’ কে 10 বাহনে ৷ ফলত থিতাতে নিহত হয় চিত্ৰ প্ৰসাদ শৰ্মা নামৰ শিক্ষকগৰাকী ৷

বকো, 22 আগষ্ট : বকোৰ বন্দাপাৰাত ভয়াবহ পথ দুৰ্ঘটনা ৷ গুৱাহাটী দিশৰ নগৰবেৰাৰ হেকেৰা লৈ গৈ থকা এ এছ ০১ কে ৯৩৬৫ নম্বৰৰ এখন এল্ট্ৰো কে ১০ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বন্দাপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা প্ৰকাণ্ড গছত খুণ্ডা মাৰে । যাৰ বাহনখনৰ ভিতৰত থকা চিত্ৰ প্ৰসাদ শৰ্মা নামৰ শিক্ষকজন থিতাতে নিহত হয়। ইয়াৰ লগতে বাহনখনৰ ভিতৰতে আবদ্ধ হৈ থকা গংগা দেৱী নামৰ আদহীয়া মহিলা গৰাকীৰো পৰৱৰ্তী সময়ত মৃত্যু হয়।

বকোত শোকাৱহ পথ দুৰ্ঘটনাত নিহত দুজন

আনহাতে স্থানীয় ৰাইজৰ সহযোগত বকো আৰক্ষীয়ে চালক কমলেশ্বৰ ৰাভা আৰু আন এজন যাত্ৰী নন্দ বাহুদুৰ ছেত্ৰীক উদ্ধাৰ কৰি বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে । নিহত চিত্ৰ প্ৰসাদ শৰ্মা হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী বিষয়ৰ শিক্ষক আছিল। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক : গোপীনাথ বৰদলৈ বিমানবন্দৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিলৰ দাবী অসম সংগ্ৰামী মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.