ETV Bharat / state

গোপীনাথ বৰদলৈ বিমানবন্দৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিলৰ দাবী অসম সংগ্ৰামী মঞ্চৰ

author img

By

Published : Aug 22, 2020, 7:13 PM IST

কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা অসম সংগ্ৰামী মঞ্চৰ। গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিলৰ দাবী জনাইছে সংগঠনটোৱে । বিমানবন্দৰটো ৫০বছৰলৈ আদানি গ্ৰুপৰ হাতত তুলি দিয়া কাৰ্যক গৰিহণা দিছে অসম সংগ্ৰামী মঞ্চই।

গোপীনাথ বৰদলৈ বিমানবন্দ
গোপীনাথ বৰদলৈ বিমানবন্দ

গুৱাহাটী, ২২আগষ্ট: কেন্দ্ৰীয় চৰকাৰে গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰণ কৰাৰ ঘোষণা কৰাৰ পিছতে জাঙুৰ খাই উঠিছে অসম সংগ্ৰামী মঞ্চ। বিমানবন্দৰটো ৫০ বছৰলৈ আদানি গ্ৰুপৰ হাতত তুলি দিয়াত ক্ষোভিত হৈ পৰিছে সংগঠনটো । আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ব্যক্তিগতকৰণ কৰাৰ পৰিকল্পনা থকা স্বত্বেও কেন্দ্ৰীয় চৰকাৰে বিমানবন্দৰটো ধুনীয়া কৰাৰ নামত ৰাজকোষৰ ১,৩৮৩ কোটি টকা ব্যয় কৰাতো অযুক্তিকৰ আখ্যা দিয়ে । কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি কেৰালাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ২লাখ ই-মেইল প্ৰেৰণ কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰো কাষ চাপিছে ।

কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিষয়টোত আপত্তি নজনোৱা বাবে ক্ষুদ্ধ হৈ পৰিছে সংগঠনটো । লগতে অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে এক বিবৃতিযোগে ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ নামত থকা বিমানবন্দৰক ব্যক্তিগতকৰণ কৰা কাৰ্যৰ প্ৰতিবাদ জনাবলৈ সোণোৱাল চৰকাৰক আহ্বান জনাইছে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাবে অসম চৰকাৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণক ৬২৭.৪৮ একৰ ভূমি দিছিল । এই ভূমিৰ মূল্যৰ সমপৰিমাণৰ অংশ বিমানবন্দৰটোত অসম চৰকাৰৰ থকা উচিত বুলিও বিবৃতিটোত উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ নকৰিলে এনে চৰকাৰক অধিক সময় অসমৰ শাসনত থাকিবলৈ দিয়া উচিত নহয় বুলি তীব্ৰ কটাক্ষ কৰিছে অসম সংগ্ৰামী মঞ্চই ।

লগতে পঢ়ক: ব্যক্তিগত খণ্ডক অৰ্পণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.