ETV Bharat / state

যাত্ৰীবাহী ৰে'লৰ চলাচল সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা ৰঙিয়া ৰে'ল মাণ্ডলিক প্ৰৱন্ধকৰ

author img

By

Published : Aug 6, 2021, 4:42 PM IST

ৰঙিয়া-ৰঙাপাৰা ৰে'লপথত শীঘ্ৰে আৰম্ভ হ'ব সকলো যাত্ৰীবাহী ৰে'লৰ চলাচল । যাত্ৰীবাহী ৰে'লৰ চলাচল সন্দৰ্ভত কেইবাটও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে ৰঙিয়া ৰে'ল মাণ্ডলিক প্ৰৱন্ধকৰ ভি এ মালেগাওকাৰে ।

Rangia Rangapara Passenger train will start soon
যাত্ৰীবাহী ৰে'লৰ চলাচল সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা ৰঙিয়া ৰে'ল মাণ্ডলিক প্ৰৱন্ধকৰ

ৰঙিয়া, ৬ আগষ্ট : ক'ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বহু কেইখনৰ ৰে'লৰ যাত্ৰা স্থগিত ৰখা হৈছিল । মহামাৰীসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত পৰ্যায়ক্ৰমে ৰে'লৰ যাত্ৰা আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যতে । শুকুৰবাৰে ৰঙিয়া ৰে'ল মাণ্ডলিক প্ৰৱন্ধকৰ ভি এ মালেগাওকাৰে চলাচল সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰে ।

ৰঙিয়া ডি আৰ এমৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, ৰঙিয়া-ৰঙাপাৰা ৰে'লপথত শীঘ্ৰে সকলো যাত্ৰীবাহী ৰে'লৰ চলাচল আৰম্ভ হ'ব । ক'ভিডসৃষ্ট পৰিস্থিতি কিছু উন্নত হোৱা বাবে ইতিমধ্যে এই ৰে'লপথেৰে তিনিখনকৈ যাত্ৰীবাহী ৰে'লৰ চলাচল আৰম্ভ হৈছে । অৰুণাচল প্ৰদেশৰ নাহৰলগুণলৈ যোৱা যাত্ৰীবাহী ৰে'লৰ চলাচল আৰম্ভ কৰাৰ বাবে অৰুণাচল চৰকাৰৰ সৈতে ৰে'ল বিভাগে যোগাযোগ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

তেওঁ লগতে কয় যে, ‘পৰ্যটকৰ বাবে ৰঙিয়াৰ পৰা ৰঙাপাৰা হৈ নামেৰি ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ ভিষ্টাড'ম ৰে'ল সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছে । যাত্ৰীৰ বাবে বিশেষ সা-সুবিধাযুক্ত ভিষ্টাড'ম ৰে'লৰ চলাচল অসমৰ পৰ্যটন ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব ।’

ইয়াৰ বাবে এক প্ৰকল্প প্ৰস্তুত কৰি শীঘ্ৰে ৰে'ল বিভাগৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ জনায় । আনহাতে, শীঘ্ৰে ৰাজ্যত বিদ্যুৎচালিত যাত্ৰীবাহী ৰে'লৰ চলাচল আৰম্ভ হ'ব বুলি ৰে'ল মাণ্ডলিক প্ৰৱন্ধক মালেগাওকাৰে জানিবলৈ দিয়ে । ইয়াৰ বাবে পৰীক্ষণকে আদি কৰি বিভাগৰ যাৱতীয় কাম-কাজ চলি আছে ।

ইতিমধ্যে ৯ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে বঙাইগাঁৱৰ পৰা ৰঙিয়া ষ্টেচনলৈ ১২০ খন বিদ্যুৎচালিত মালবাহী ৰে'ল চলাচল হৈছে বুলি তেওঁ তথ্য দাঙি ধৰে । আগষ্ট মাহৰ শেষলৈকে অথবা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা বিদ্যুৎচালিত যাত্ৰীবাহী ৰে'লৰ সেৱা আৰম্ভ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক:বিলাসীপাৰাৰ সোণামুখীত লঘু যানবাহনৰ চালক হেণ্ডিমেন সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.