সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰাটো জাতিটোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ : অখিল গগৈ - Lok Sabha Election Results 2024
Akhil Gogoi on Assam CM : সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা বিধায়ক অখিল গগৈৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলকো তীক্ষ্ণ সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷

Published : June 9, 2024 at 1:54 PM IST
আমগুৰি, 9 জুন : "2026 ত সাম্প্ৰদায়িক বিজেপি, দেশ বিক্ৰী কৰা বিজেপি, সাংঘাটিক মূল্যবৃদ্ধি কৰা বিজেপিক পৰাজিত কৰিবই লাগিব । ...বিজেপিক পৰাভূত কৰিব নোৱাৰিলে মূল্যবৃদ্ধি হ'ব, বাক স্বাধীনতা হৰণ হ'ব, অসমীয়া জাতিয়ে অশান্তিকৰ পৰিৱেশত বসবাস কৰিব লাগিব । বিজেপিক পৰাভূত কৰাটো জাতিটোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা ৷’’ দেওবাৰে শিৱসাগৰত এনেদৰে শাসকীয় বিজেপি দলৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৷
সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা প্ৰতিক্ৰিয়া সম্পৰ্কত গগৈয়ে কয়, "বদৰুদ্দিন আজমলক ৰকিবুল হুছেইনে হৰুৱাই দিয়াৰ পিছত হঠাতে হিমন্ত বিশ্ব শৰ্মাই মোট সলাই দিলে ঠিক সাপে মোট সলোৱাৰ দৰে ৷’’
‘‘হিমন্ত বিশ্ব শৰ্মাই ক'লে বদৰুদ্দিন আজমলক 10 লাখ ভোটত হৰুৱাই দিয়াটো ৰকিবুল হুছেইনৰ অপৰাধ হ'ল । এয়া অসমীয়া জাতিৰ কাৰণে অশনি সংকেত । কাৰণ বদৰুদ্দিন আজমল হাৰিল ।’’ গগৈয়ে কয় ৷
‘‘বদৰুদ্দিন আজমলক হৰুৱাটো, সাম্প্ৰদায়িক মৌলবাদী, মুছলমান মৌলবাদী দলটোক হৰুৱাটো যদি ৰাইজৰ দলৰ কাৰণে জাতীয় স্বাৰ্থ বিৰোধী হয়, তেতিয়াহ'লে সেই জাতীয় স্বাৰ্থ বিজেপিৰে জাতীয় স্বাৰ্থ হ'ব । এইটো কেতিয়াও অসমীয়াৰ জাতীয় স্বাৰ্থ হ'ব নোৱাৰে । হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু বদৰুদ্দিন আজমল । বদৰুদ্দিন আজমল হৰাৰ বাবে শান্তিৰে থাকিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই ।’’ তেওঁ কয় ৷
উল্লেখ কৰা প্ৰয়োজন যে, 2026 ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সমষ্টিটোৰ বুথ সন্মিলন আৰু বিশেষ সাংগঠনিক সভাৰ আয়োজন কৰি আহিছে ৷ আজি তেনে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপিৰ লগতে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলকো কঠোৰ ভাষাৰে তুলাধূনা দিয়ে বিধায়ক গগৈয়ে ।
বিধায়ক অখিল গগৈয়ে ৰাইজৰ দলৰ সাংগঠনিক ভেঁটি মজবুত কৰিবলৈ প্ৰতি পঞ্চায়তত বুথ সন্মিলনৰ আয়োজন কৰিছে । আজিৰ এই বুথ পৰ্যায়ৰ সন্মিলনত বহু অগপ, বিজেপি আৰু কংগ্ৰেছ কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰিছে ।

