ETV Bharat / state

বিলাসীপাৰাৰ সোণামুখীত লঘু যানবাহনৰ চালক হেণ্ডিমেন সন্থাৰ প্ৰতিবাদ

author img

By

Published : Aug 6, 2021, 11:44 AM IST

বিলাসীপাৰা আৰক্ষী আৰু ধুবুৰী জিলা পৰিবহন বিভাগৰ বিষয়াই উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰি বিলাসীপাৰাৰ সোণামুখীত প্ৰতিবাদত নামিল লঘু(বলেৰ' পিক আপ) যানবাহনৰ চালক হেণ্ডিমেন সন্থা । চৰকাৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰিলে আত্মহত্যাৰ পথ বাচি ল'ব বুলিও হংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । উৎকোচ নিদিলে বিলাসীপাৰা আৰক্ষী অথবা ধুবুৰী জিলা পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ তুলিছে চালক আৰু হেণ্ডিমেনসকলে ।

DRIVER PROTEST IN BILASHIPARA
DRIVER PROTEST IN BILASHIPARA

পশ্চিম বিলাসীপাৰা, ৬ আগষ্ট: বৃহস্পতিবাৰে বিলাসীপাৰাৰ সোণামুখীত লঘু(বলেৰ' পিক আপ) যানবাহনৰ চালক হেণ্ডিমেন সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । বিলাসীপাৰা আৰক্ষী আৰু ধুবুৰী জিলা পৰিবহন বিভাগে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছে চালক হেণ্ডিমেনসকলে । নিজৰ নিজৰ বাহনসমূহ পথৰ দাঁতিত ৰখাই থৈ চালক হেণ্ডিমেনসকলে বিক্ষোভ প্ৰদৰ্শন কৰে । তেওঁলোকে অভিযোগ তুলিছে যে, লঘু যানবাহন চালকক বিলাসীপাৰা আৰক্ষী অথবা ধুবুৰী জিলা পৰিবহণ বিভাগে হাৰাশাস্তি ভোগাইছে ।

হাজাৰ হাজাৰ টকা উৎকোচ নিদিলে বাহনসমূহ চলাচলত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে বুলিও অভিযোগ তুলিলে প্ৰতিবাদকাৰীসকলে । উৎকোচ নিদিলে চালক-হেণ্ডিমেনক থানাত ভৰাই থৈ কৌশলেৰে আৰক্ষীয়ে ধন আদায় কৰে বুলিও চালকসকলে অভিযোগ উত্থাপিত কৰিছে । তেওঁলোকে জনোৱা মতে, বুধবাৰেও আৰক্ষীয়ে কেইগৰাকীমান চালকক কৰায়ত্ত কৰিছিল আৰু সন্থাটোৰ নেতা থানালৈ যোৱাত আৰক্ষীয়ে বৃহস্পতিবাৰে আহিবলৈ কয় । বৃহস্পতিবাৰে আৰক্ষীয়ে ৩ গৰাকী চালকক মুকলি কৰি দিয়ে ।

আৰক্ষীয়ে বিনা কাৰণত এনেদৰে হাৰাশাস্তি দিয়াৰ অভিযোগ তুলি বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে লঘু(বলেৰ' পিক আপ) যানবাহনৰ চালক হেণ্ডিমেন সন্থাই ।

"অসম আৰক্ষী হায় হায়", "আৰক্ষীৰ গুণ্ডাগিৰি বন্ধ কৰক", "পৰিবহন বিভাগ হায় হায়" আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে চালক হেণ্ডিমেনসকলে । চৰকাৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰিলে আত্মহত্যাৰ পথ বাচি ল'ব বুলিও হংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । চালক-হেণ্ডিমেনসকলে এই গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছত চৰকাৰী পক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:কলেজ অৱ এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ বৃহৎ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.