ETV Bharat / state

নীটত সাফল্য়ৰ হাঁহি মাৰিলে দেৱজিৎ কলিতা-অনুৰাগ চুতীয়াই - NEET Exam Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 1:55 PM IST

Updated : Jun 9, 2024, 5:33 PM IST

NEET Exam 2024: ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাত উজলিল ধেমাজিৰ চিচিবৰ গাঁৱৰ আমগুৰি পঞ্চায়তৰ দেৱজিৎ কলিতা আৰু গড়মৰা গাঁৱৰ অনুৰাগ চুতীয়া ।

NEET Exam Results 2024
ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (ETV BHARAT ASSAM)

ধেমাজি, ৯ জুন : সদ্যঘোষিত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ত উজলিল ধেমাজিৰ দুই মেধাৱী ছাত্ৰ । বোকাৰ পদুম হৈ জিলিকিল ধেমাজিৰ চিচিবৰ গাঁৱৰ আমগুৰি পঞ্চায়তৰ অন্তৰ্গত ধুনাগুৰি কলিতা গাঁৱৰ গোবিন কলিতা আৰু লক্ষীমাই কলিতাৰ সন্তান দেৱজিৎ কলিতা ৷

তৃতীয়বাৰ নীট পৰীক্ষাত অৱতীৰ্ণ হৈ 546 নম্বৰ লাভ কৰি এমবিবিএছত নামভৰ্তিৰ বাট মুকলি কৰিলে দেৱজিৎ কলিতাই ৷ অভাৱে জুৰুলা কৰা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী দেৱজিৎ কলিতাৰ পিতৃ কেৰালাত কৰ্মৰত ৷ দেৱজিৎ কলিতাই এজন চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছিল সৰুৰে পৰা ।

জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত নীট পৰীক্ষাত প্ৰথম দুবাৰ অৱতীৰ্ণ হৈছিল যদিও মনোবল ভাঙি দিয়া নাছিল দেৱজিতে । তৃতীয়বাৰত নীট পৰীক্ষাত 546 নম্বৰ লাভ কৰি সাফল্য় অৰ্জন কৰাত গাঁওখনৰ ৰাইজ উৎফুল্লিত হৈছে ৷

ইপিনে, আৰ্থিক অনাতনৰ বাবে যাতে ছাত্ৰজনৰ সপোন ভাঙি নাযায় তাৰ বাবে পঢ়াৰ দায়িত্ব বহন কৰিবলৈ আগবাঢ়ি আহিছে চিচিবৰগাঁৱৰ প্ৰতিষ্ঠিত ব্যবসায়ী তথা সমাজ সেৱক নন্দীগিৰি ভূঞা । নন্দীগিৰি ভূঞাই দেৱজিৎ কলিতাৰ সমগ্ৰ শিক্ষা বৰ্ষৰ দায়িত্ব লোৱা বুলি ছাত্ৰজনৰ পৰিয়ালৰ লোকে উল্লেখ কৰিছে ।

ইফালে, জিলাখনৰ আমগুৰি পঞ্চায়তৰ অন্তৰ্গত গড়মৰা গাঁৱৰ বলিন চুতীয়া আৰু শুভজ্যোতি চুতীয়াৰ সন্তান অনুৰাগ চুতীয়াই 511 নম্বৰ লাভ কৰি সদ্যঘোষিত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ত উত্তীৰ্ণ হৈছে । পিতৃ-মাতৃয়ে সাধাৰণভাৱে ব্যবসায় কৰি পৰিয়ালটো কোনো চলাই আছে যদিও পুত্ৰক পঢ়ুৱাবলৈ হাতত নাই ধন ।

আৰ্থিক দীনতাৰ বাবে এইজন মেধাৱী ছাত্ৰৰ যাতে অধ্যয়নত বাধাৰ সৃষ্টি নহয় তাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে সমাজ সেৱক নন্দীগিৰি ভূঞা ।

লগতে পঢ়ক:খহনীয়াত বিধস্ত অঞ্চলৰ পৰা নীটত সাফল্য় অৰ্জন কৰা আমিৰুল ইছলামক সম্বৰ্ধনা - NEET Exam Results 2024

NEETত উজলিল ৰেজাউল কৰিম : ক'চিং কৰিছিল আজমল ছুপাৰ-40ত - NEET Exam Results 2024

Last Updated : Jun 9, 2024, 5:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.