ETV Bharat / state

ৰঙিয়াত কৃষক বিৰোধী আইনৰ বিৰুদ্ধে প্ৰতিবাদী সমদল

author img

By

Published : Dec 8, 2020, 4:43 PM IST

rangia-protest
ৰঙিয়াত কৃষক বিৰোধী আইনৰ বিৰুদ্ধে প্ৰতিবাদী সমদল

ৰঙিয়াত কৃষক বিৰোধী আইনৰ বিৰুদ্ধে মঙলবাৰে উলিওৱা হয় প্ৰতিবাদী সমদল। সমদলত চিপিআই(এম), কংগ্ৰেছ, অসম জাতীয় দল, ৰাইজৰ দল, আপ, ভিপিআই আদি বিভিন্ন দলৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখৰ পৰা শতাধিক সদস্যই এই প্ৰতিবাদী সমদল উলিয়ায়।

ৰঙিয়া, 8 ডিচেম্বৰ : ৰঙিয়াত কৃষক বিৰোধী আইনৰ বিৰুদ্ধে মঙলবাৰে উলিওৱা হয় প্ৰতিবাদী সমদল। সমদলত চিপিআই(এম), কংগ্ৰেছ, অসম জাতীয় দল, ৰাইজৰ দল, আপ, ভিপিআই আদি বিভিন্ন দলৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখৰ পৰা শতাধিক সদস্যই এই প্ৰতিবাদী সমদল উলিয়ায় ।

ৰঙিয়াত কৃষক বিৰোধী আইনৰ বিৰুদ্ধে প্ৰতিবাদী সমদল

নতুন কৃষি আইন বাতিল কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । কৰ'ণা সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কৃষকক শোষণ আৰু বঞ্চনা কৰি পুঁজিপতিক লাভান্বিত কৰিবলৈ কৃষি আইন বলৱৎ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে। দেহত শেষ বিন্দু তেজ থকালৈকে কৃষকৰ হকে মাত মাতি যোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।
লগতে পঢ়ক : আজাৰা আৰক্ষীৰ জালত দুই চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.