ETV Bharat / state

Rangia dead body recovered case:মেধা সম্পন্ন ছাত্ৰী কণিকা আগৰৱালাৰ অস্বাভাৱিক মৃত্যুত হতভম্ব সকলো

author img

By

Published : Aug 16, 2023, 7:48 PM IST

rangia dead body recovered case
অস্বাভাৱিক মৃত্যুত হতভম্ব সকলো

এইদৰে কণিকা সকলোৰে মাজৰ পৰা আঁতৰি যাব বুৱি কোনেও কল্পনা কৰা নাছিল ৷ মৃত্যু আজিকালি তেনেই সহজ ৷ অমায়িক স্বভাৱৰ কণিকাৰ মৃত্যুত ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনচ্ ৰ সকলো শোকত ম্ৰিয়মান হৈ পৰিছে ৷ বন্ধু বান্ধৱীৰ পৰা শিক্ষকলৈকে সকলোৰে এটাই ভাষ্য, ‘কণিকাই আত্মহত্যা কৰিব নোৱাৰে’ ৷

অস্বাভাৱিক মৃত্যুত হতভম্ব সকলো

ৰঙিয়া, 16 আগষ্ট : মেধা সম্পন্ন ছাত্ৰী কণিকা আগৰৱালাৰ অস্বাভাৱিক মৃত্যু । মৃত্যুৰ পূৰ্বে বান্ধৱী অনামিকা বসুমতাৰীক জনাইছিল ঘৰৰ আৰ্থিক অসুবিধাৰ কথা । তাৰ পিচত বিগত শুকুৰবাৰৰ পৰা বিদ্যালয়লৈ যোৱা নাছিল কণিকা আগৰৱালা । বন্ধু-বান্ধৱীৰৰ লগতে ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনচ্ কতৃপক্ষই কণিকা আগৰৱালাৰ সৈতে যোগাযোগ কৰিছিল ফোনযোগে । প্ৰত্যেকবাৰেই পিতৃ প্ৰবীণ আগৰৱালাই ফোন ৰিচিভ কৰি সকলোকে কৈছিল যে খাদ্যত বিষক্ৰিয়া হৈ গুৰুতৰভাৱে অসুস্থ হৈ আছে৷ কিন্তু সোমবাৰে অস্বাভাৱিকভাৱে প্ৰবীণ আগৰৱালাৰ পত্নী পিনু আগৰৱালা আৰু একমাত্ৰ কন্যা কণিকা আগৰৱালাৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হৈছিল । মৃতদেহ উদ্ধাৰ হোৱা কোঠাত তেজৰ ডোঙা বান্ধি থকা দেখিছিল প্ৰত্যক্ষদৰ্শীয়ে । এই ঘটনাক সহজভাৱে ল’ব পৰা নাই কণিকা আগৰৱালাৰ বন্ধু-বান্ধৱীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলে ।

কোনো পধ্যেই কণিকা আগৰৱালাই আত্মহত্যা কৰিব নোৱাৰে বুলি দাবী কৰে বন্ধু-বান্ধৱীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলে । এই ঘটনাৰ অন্তৰালত এক ঘন ৰহস্য আছে বুলি ক’ব বিচাৰে সকলোৱে । মৃত কণিকা আগৰৱালা ৰঙিয়াৰ ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনচ্ ৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল । অত্যন্ত মেধাৱী আৰু নম্ৰ স্বভাৱৰ কণিকা মৃত্যুৰ পাঁচ দিন আগতে টিউচনলৈ গৈছিল । বিদ্যালয় কৰ্তৃপক্ষৰ মতে চূড়ান্ত পৰীক্ষাত স্থান লাভৰ সম্ভাৱনা আছিল মেধাৱী ছাত্ৰীগৰাকীৰ । নৃত্য আৰু গীততো বিশেষভাৱে পাৰদৰ্শিতা দেখুৱাইছিল কণিকাই ।

কণিকাৰ মৃত্যুৰ আঁৰত যদি পিতৃ​ জড়িত হৈ আছে তেন্তে কঠোৰতকৈ কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে ৰঙিয়াৰ ৰাইজে । ঘটনাৰ বিৱৰণী অনুসৰি শিৱমন্দিৰৰ কাষতে থকা ৰাধা-কৃষ্ণ মন্দিৰৰ পাচফালে এখন ভোজপাত আৰু উপহাৰ সামগ্ৰীৰ দোকান দি জীৱন নিৰ্বাহ কৰাছিল প্ৰবীণ আগৰৱালাই । উৱঁলি যোৱা মৃতদেহ যিদিনা উদ্ধাৰ হৈছিল তাৰ ঠিক ৫ দিন আগৰে পৰা মাতৃ-কন্যাক ঘৰৰ বাহিৰ ওলোৱা দেখা নাছিল স্থানীয় ৰাইজে । এই প্ৰসংগত আন ব্যৱসায়ীসকলে খা-খবৰ ল’লে দুয়ো গুৰুতৰভাৱে অসুস্থ হৈ থকা বুলি জনাইছিল প্ৰবীণ আগৰৱালাই । আনকি ওচৰতে থকা পিনু আগৰৱালাৰ ভিনিহিয়েক, বায়েকে ফোন কৰিলেও প্ৰবীণ আগৰৱালাইহে তাৰ উত্তৰ দিছিল আৰু পত্নী, কন্যা অসুস্থ হৈ থকা বুলি ফোনযোগে জনাইছিল ।

মৃতদেহ উদ্ধাৰৰ চাৰি দিন আগতে তেওঁলোকৰ ঘৰত কাম কৰা মহিলাগৰাকীক তেওঁলোক শ্বিলঙলৈ যাব বাবে কামলৈ আহিবলৈ ফোনযোগে মানা কৰিছিল ব্যৱসায়ী প্ৰবীণে । সোমবাৰে ওপৰ মহলাৰ পৰা নামি আহি নিজেই গাখীৰ দিবলৈ অহা লোকজনৰ পৰা গাখীৰ লৈছিল তেওঁ ।

ইফালে বাৰম্বাৰ ফোন কৰাৰ পাচতো কোনো খা-খবৰ নোপোৱাত সোমবাৰে দুপৰীয়া বায়েকে ভাড়াঘৰত থকা ভনীয়েকৰ খবৰ ল’বলৈ আহি দেখে যে ঘৰটো বাহিৰৰ পৰা খোলা আৰু ভিতৰত দুটা কোঠাৰ মজিয়াত মাতৃ-কন্যাৰ মৃতদেহ পৰি থকাৰ লগতে কোঠাটোৰ পৰা দুৰ্গন্ধ ওলাই আছে । কোঠাটোৰ মজিয়াত তেজৰ ডোঙাও তেওঁ প্ৰত্যক্ষ কৰে । এই কথা প্ৰচাৰ হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে বিভিন্নজনে । বুধবাৰে ক’ৰ্টত হাজিৰ কৰোৱা হ’ব অভিযুক্ত পিতৃক ।

লগতে পঢ়ক : Rangia dead body recover case update: তিনিবাৰকৈ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিও বিফল হৈছিল প্ৰবীণ আগৰৱালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.