ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য নিৰ্বাচনত টিকট নোপোৱাৰ নৃত্য!

author img

By

Published : Apr 21, 2019, 2:49 PM IST

হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য নিৰ্বাচনত টিকট নোপোৱাৰ নৃত্য!

অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে এই নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈ আহ্বান কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যক সমালোচনা কৰি এয়া নিৰ্বাচনত টিকট নোপোৱাৰ নৃত্য বুলি সমালোচনা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইনৰ ৷

গুৱাহাটী ,21এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত গুৱাহাটীত কংগ্ৰেছৰ বিশাল ৰেলী ৷ ৰেলীত অংশ গ্ৰহণ কৰি বিজেপিৰ সমালোচনাত পুনৰ সৰৱ হৈ পৰে কংগ্ৰেছৰ জেষ্ঠ নেতাসকল ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত গুৱাহাটীত কংগ্ৰেছৰ বিশাল ৰেলী


বিজেপি শাসনলৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে,সেয়েহে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে এই নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈ জনসাধাৰণলৈ আহ্বান গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যক সমালোচনা কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইনে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য বিহু বা অন্য লোক নৃত্য নহয় ৷ এয়া নিৰ্বাচনত টিকট নোপোৱাৰ নৃত্য বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ কংগ্ৰেছৰ ৰেলীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মা,দিছপুৰৰ প্ৰাক্তন বিধায়ক অকণ বৰাকে ধৰি কংগ্ৰেছৰ বহু জেষ্ঠ নেতাই অংশগ্ৰহণ কৰে ।

Intro:গুৱাহাটীত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী ৰেলী।


Body:তৃতীয় পৰ্য্যায়ত নিৰ্বাচন আজি অন্তিম দিন। গুৱাহাটীৰ দিছ্পুৰস্থিত মানবেন্দ্ৰ শৰ্মা চৌহদৰ পৰা জি এচ ৰোড হৈ জালুকবাৰীলৈ হৈ পূৰণ উভতি আহে গীতনাগাৰলৈ কংগ্ৰেছৰ এক বিশাল ৰেলী। এই বিশাল ৰেলী অংশ গ্ৰহণ কৰি কৈ যে টিকেট নোপোৱাৰ বাবে হিমসন্তয়ে জতে তাতে নাচ গান কৰি আছে। অসমত হৈ যোৱা প্ৰথন আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ফলাফল বেয়া হোৱাৰ পাছত এবাৰ ভাৰতীয় জনতাৰ পাৰ্টিক আল্লাহ মনলৈ পৰিছে।


Conclusion:এই বিশাল ৰেলীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ
সভাপতি ৰিপুন বৰা গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মা , দিছ্পুৰৰ প্ৰাক্তন বিধায়ক অকণ বৰা কে ধৰি কংগ্ৰেছৰ বহু জেষ্ঠ নেতা সকল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.