ETV Bharat / state

Road condition at Baihata: বাইহাটাত লোক নিৰ্মাণ বিভাগৰ অধীনৰ পথ গৈ পুখুৰী হ’লগৈ !

author img

By

Published : Jan 10, 2023, 9:17 AM IST

Updated : Jan 10, 2023, 9:38 AM IST

Poor road condition in Baihata Chariali Kamrup
বাইহাটা চাৰিয়ালী ৰামগাও নাগ্ৰীজুলী পথৰ শোচনীয় অৱস্থা

ৰাজ্যৰ পথ উন্নয়নৰ আন এক নিদৰ্শন ৷ মৰণ ফান্দত পৰিণত হৈছে বাইহাটা চাৰিআলি-গোৰেশ্বৰ-ৰামগাঁও-নাগ্ৰিজুলি সংযোগী পথচোৱা ৷ কাণসাৰ নাই স্থানীয় জনপ্ৰতিনিধি কিম্বা বিভাগীয় কতৃপক্ষৰ (Poor road Condition at Baihata Chariali) ৷

মৰণ ফান্দত পৰিণত বাইহাটা চাৰিআলি-গোৰেশ্বৰ-ৰামগাঁও-নাগ্ৰিজুলি সংযোগী পথ

তামুলপুৰ, 10 জানুৱাৰী: স্থানীয় জন প্ৰতিনিধিসকলে ভোটটোৰ স্বাৰ্থত বিভিন্ন উন্নয়নৰ মিছা প্ৰতিশ্ৰুতি দি জয়ী হৈ আহি গঠন কৰে চৰকাৰ ৷ এইসকল জনপ্ৰতিনিধি ক্ষমতালৈ অহাৰ পাছত জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পাহৰি কেৱল নিজৰ ৰাজনৈতিক তথা ব্যক্তিগত স্বাৰ্থত ব্যস্ত হৈ পৰে ৷

চৰকাৰ গঠন হোৱাৰ পাছত প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক পুনৰ ব্যস্ত হৈ পৰে উন্নয়নৰ ঢাক-ঢোল বজোৱাৰ আন এখন নাটকত ৷ কিন্তু জনসাধাৰণে প্ৰকৃততেই দেখিবলৈ পায়নে ৰাজ্যৰ উন্নয়ন ? ইফালে চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্য চৰকাৰৰ অধিক সংখ্যক আমোলা-বিষয়া তথা কৰ্মচাৰী । পৰিনতিত অপৰিৱৰ্তিত হৈয়েই থাকে যাতায়ত, যোগাযোগ, স্বাস্থ্য, শিক্ষা আদিৰ পূৰ্বৰ দুখলগা আৱস্থাটো ৷

কেৱল যেন শ্ল'গানতেই আবদ্ধ হৈ থাকে ৰাজ্যৰ প্ৰতিটো শিতানৰ উন্নয়ন ব্যৱস্থা ৷ বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰখনে যিমানেই উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয়, বাস্তৱত কিন্তু তাৰ এখন বিপৰীত ছবিহে পৰিলক্ষিত হৈ আহিছে ৷ উন্নয়নৰ বিপৰীত ছবিসমূহৰ ভিতৰৰে এখন ছবি দেখুৱাম আপোনাসৱক ৷ ছবিখন হৈছে বাইহাটা চাৰিআলিৰ (Poor road condition in Baihata Chariali) ৷

বাইহাটা চাৰিআলি-গোৰেশ্বৰ-ৰামগাঁও-নাগ্ৰিজুলি সংযোগী লোক নিৰ্মাণ বিভাগৰ অধীনৰ পথটোৰ দুৰৱস্থাই এতিয়া জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক (Poor road condition making Baihata Chariali people suffer) ৷ পথচোৱাৰ অধিক সংখ্যক স্থানতেই সৃষ্টি হৈছে বৃহৎ বৃহৎ দ গাঁত ৷ স্থানীয় ৰাইজ তথা পথচাৰীয়ে অভিযোগ কৰা মতে, এনে পুখুৰী সদৃশ দ গাঁতৰ বাবেই বিভিন্ন সময়ত সংঘটিত হৈ আহিছে সৰু বৰ বহু পথ দুৰ্ঘটনাও ৷ দুৰ্ঘটনাসমূহৰ ফলত কোনো যদি সামান্য আহত হৈছে, আন কোনো আকৌ গোটেই জীৱনৰ বাবে ঘূণীয়া হ’বলগীয়া হৈছে ৷ কিন্তু ইয়াৰ পাছতো অলপো গুৰুত্ব নাই স্থানীয় জনপ্ৰতিনিধি, বিভাগীয় কতৃপক্ষৰ ৷

উল্লেখনীয় বিষয় যে এই পথচোৱায়েদিয়েই বহু মন্ত্ৰী-বিধায়ক প্ৰায়ে অহা যোৱা কৰে ৷ তাৰ পাছতো জনসাধাৰণৰ সুবিধাৰ বাবে ইয়াক পুনঃনিৰ্মান কৰি দিয়াৰ সামান্য চিন্তকাণ কৰিবলৈও নাপাই আহৰি ৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ দৰে ভিআইপি সকল এই পথচোৱায়েদি প্ৰায়েই অহা যোৱা কৰে ৷ কিন্তু পৰিতাপৰ বিষয় যে আজিকোপতি এইসকল জন প্ৰতিনিধিয়ে এই জৰাজীৰ্ণ পথটো পুনঃ নিৰ্মানৰ বাবে এবাৰো চিন্তা নকৰিলে ৷

লক্ষ্যনীয় যে, বাইহাটা চাৰিআলি-গোৰেশ্বৰ হৈ বগামাটী পৰ্যটনস্থলীলৈ এই পথচোৱাৰে অহা যোৱা কৰে পৰ্যটকসকল ৷ বিশেষকৈ নৱবৰ্ষক আদৰাৰ এই সময়চোৱাত বনভোজ খাবলৈকে দৈনিক আহে বহু বনভোজকাৰীৰ দল ৷ অধিক যানবাহন চলাৰ ফলত দিনক দিনে আৰু অধিক শোচনীয় হৈ পৰিছে পথচোৱাৰ অৱস্থা ৷ ফলত এই পছচোৱাৰে যাতায়ত কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে স্থানীয় ৰাইজ ৷ বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসা সেৱাৰ বাবে নিয়োজিত এম্বুলেঞ্চ সেৱাৰ বাহনৰ আহ-জাহৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে (Road condition in Baihata Chariali) ৷

যাৰ ফলত বিভিন্ন ৰোগীয়ে দুৰ্ভোগ ভোগী অহাৰ লগতে সময়ত উপযুক্ত চিকিৎসা সেৱা পোৱাৰ পৰাও বঞ্চিত হ’বলগাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ যেন এক প্ৰকাৰে ৰোগীৰ জীৱনৰ প্ৰতিও এই পথচোৱাই ভাবুকি কঢ়িয়াই আনিছে ৷ বাৰিষাৰ সময়চোৱাত এই পথচোৱাৰ সোচনীয় অৱস্থাৰ বাবে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে বুলি উল্লেখ কৰিলে স্থানীয় ৰাইজে (Poor road in Baihata Chariali) ৷

স্থানীয় ৰাইজৰ অভিযোগ এই পথচোৱাৰে প্ৰতিদিনে চলাচল কৰে ডাম্পাৰ (Damage road at Goreswar) ৷ ডাম্পাৰবোৰৰ দৈনিক চলাচলো পথোচোৱা অধিক শোচনীয় হৈ পৰাৰ অন্যত্বম কাৰণ বুলি স্থানীয় ৰাইজে কৰিছে অভিযোগ ৷ সেয়েহে, অতি শীঘ্ৰে হোৱাকৈ পথচোৱা মেৰামতি কৰি স্থানীয় ৰাইজৰ লগতে পথচাৰীয়ে দৈনিক পাই অহা যমৰ-যাতনাৰ পৰা পৰিত্ৰাণ দিবলৈ বৃহত্তৰ অঞ্চলবাসী ৰাইজে চৰকাৰক অনুৰোধ জনাইছে ।

লগতে পঢ়ক: Poor road in Lakhimpur: ভগা দলং নিৰ্মাণ কৰিবলৈ ওলাই আহিল এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক

Last Updated :Jan 10, 2023, 9:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.