ETV Bharat / state

ছয়গাঁৱত চুৰি মটৰ চাইকেলসহ এজন আটক

author img

By

Published : Jul 13, 2021, 2:15 PM IST

ছয়গাঁও আৰক্ষী (Chaygaon Police) থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত ছয়গাঁও আৰক্ষীৰ এটা দলে গৰৈমাৰীৰ হাতীশলা গাঁৱত অভিযান চলাই এখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

bike thief arrest
ছয়গাঁৱত চুৰি মটৰ চাইকেলসহ এজন আটক

ছয়গাঁও, ১৩ জুলাই : ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ (Assam police) ড্ৰাগছ বিৰোধী অভিযান । ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিষিদ্ধ ড্ৰাগছ (Illegal drugs) সৰবৰাহত জড়িত বহুলোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । সমান্তৰালকৈ লাখ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ।

কিন্তু ইয়াৰ মাজতে আন আন অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে অসমৰ ভিন্ন প্ৰান্তত । বিশেষকৈ চুৰি আৰু ডকাইতিৰ ঘটনা বহু অঞ্চলত দ্ৰুতগতিত বৃদ্ধি পাইছে । সেয়ে অসম আৰক্ষীয়ে শেহতীয়াকৈ চুৰি, ডকাইতি আদি ঘটনাৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলত দিনকদিনে বৃদ্ধি পোৱা এনেধৰণৰ অনৈতিক কাৰ্য-কলাপৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

ধাৰাবাহিক অভিযানৰ মাজতে সোমবাৰে নিশা পুনৰ ছয়গাঁও আৰক্ষী (Chaygaon Police) থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত ছয়গাঁও আৰক্ষীৰ এটা দলে গৰৈমাৰীৰ হাতীশলা গাঁৱত এক অভিযান চলায় ।

এই অভিযানত হাতীশলা গাঁৱৰ পৰা এখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো । চুৰি মটৰ চাইকেলখনৰ সৈতে হাতীশলা গাঁৱৰ অমৰ আলী নামৰ লোকজনকো আৰক্ষীয়ে আটক কৰে । উদ্ধাৰ কৰা মটৰ চাইকেলখন ছয়গাঁও আৰক্ষী থানালৈ নিয়াৰ লগতে চোৰটোক (Bike thief) জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷

অপৰাধীৰ ক্ষেত্ৰত শেহতীয়াকৈ অসম আৰক্ষী যথেষ্ঠ কঠোৰ হোৱা দেখা গৈছে । এনকাউণ্টাৰৰ (Encounter) বিষয়ক লৈ ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । বিৰোধীয়ে বিজেপি (BJP) নেতৃত্বধীন চৰকাৰ লগতে অসম আৰক্ষীক যথেষ্ঠ পৰিমাণে সমালোচনা কৰাও দেখা গৈছে । আনকি বিধানসভাৰ (Assembly) মজিয়াটো এই বিষয়টোকলৈ বিভিন্ন তৰ্ক-বিতৰ্ক হোৱা দেখা গৈছে ।

লগতে পঢ়ক : ধৰমতুল কাণ্ডৰ অভিযুক্ত ৰমেন মেধিৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.