ETV Bharat / state

পুনৰ মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং

author img

By

Published : May 4, 2020, 12:47 PM IST

সোমবাৰে পুনৰ মুকলি শৰাইঘাটৰ পুৰণি দলং ৷ যাৱতীয় মেৰামতিৰ বাবে বিগত তিনিদিন দলঙখন বন্ধ ৰাখিছিল ৰে’ল বিভাগে ৷

পুনৰ মুকলি শৰাইঘাটৰ পুৰণি দলং
পুনৰ মুকলি শৰাইঘাটৰ পুৰণি দলং

গুৱাহাটী,4 মে’ঃ সোমবাৰে দিনৰ ১১ বজাত যাতায়াতৰ বাবে পুনৰ মুকলি কৰা হৈছে আমিনগাঁৱস্থিত শৰাইঘাটৰ পুৰণি দলং । দলংখন মেৰামতিৰ বাবে বিগত তিনিদিন বন্ধ ৰাখিছিল ৰে’লৱে কৰ্তৃপক্ষই । ৰে’লৱেৰ জনসংযোগ বিষয়া নৃপেন ভট্টাচাৰ্যই সদৰী কৰে এই কথা । উল্লেখ্য যে, দলঙখনত পূৰ্বে যথেষ্ট ফাঁট মেলা পৰিলক্ষিত হৈছিল ৷ ইতিমধ্যে দলঙখনেৰে যান-বাহন চলাচলৰ ক্ষেত্ৰত নীতি-নিয়ম কিছু শিথিল কৰা হৈছে যদিও সোমবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ লক্​ ডাউনৰ বাবে দলঙখনত কোনো ধৰণৰ যান-জঁট সৃষ্টি হোৱা নাই ৷

পুনৰ মুকলি শৰাইঘাটৰ পুৰণি দলং

লগতে চাওকঃ লকডাউন : অসমলৈ উভতিছে অৰুণাচলত আৱদ্ধ বহু ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.