সাংসদ ভূৱনেশ্বৰ কলিতাই নিৰীক্ষণ কৰিলে ৰঙিয়া আদৰ্শ চিকিৎসালয়
Published: Nov 21, 2023, 8:32 PM

সাংসদ ভূৱনেশ্বৰ কলিতাই নিৰীক্ষণ কৰিলে ৰঙিয়া আদৰ্শ চিকিৎসালয়
Published: Nov 21, 2023, 8:32 PM
ৰাজ্য চৰকাৰে চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ সেৱাৰ গুণগত মানদণ্ড নিৰীক্ষণ কৰাৰ লক্ষ্যৰে ২০ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে স্বাস্থ্য সেৱা উৎসৱ-২ । স্বাস্থ্য সেৱা উৎসৱ-২ লগত সংগতি ৰাখি ৰঙিয়া আদৰ্শ চিকিৎসালয়ত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা ।
ৰঙিয়া,২১ নৱেম্বৰ : ৰাজ্য চৰকাৰে চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ সেৱাৰ গুণগত মানদণ্ড নিৰীক্ষণ কৰাৰ লক্ষ্যৰে ২০ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে স্বাস্থ্য সেৱা উৎসৱ-২ । স্বাস্থ্য সেৱা উৎসৱ-২ উপলক্ষে ৰঙিয়াৰ আগশাৰীৰ চিকিৎসালয় হিচাপে পৰিচিত ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ স্বাস্থ্য সেৱা পৰ্যৱেক্ষণ কৰাৰ লক্ষ্যৰে উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা । চিকিৎসালয়খনৰ চিকিৎসকলৰ সৈতে মত বিনিময় কৰি অভাৱ-অভিযোগৰ বুজ লয় সাংসদ ভূৱনেশ্বৰ কলিতাই ।
ৰঙিয়া মডেল হাস্পতালৰ উপ-অধীক্ষক নৱনীতা বৰাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলে ভূৱনেশ্বৰ কলিতাক ফুলাম গামোচা আৰু জাপিৰে আদৰণি জনায় । ইয়াৰ পিছতে সাংসদ ভূৱনেশ্বৰ কলিতাই সকলো দিশ চোৱাচিতা কৰি বুজ লয় । মুলত চিকিৎসালয়সমূহত মুল্যায়ণ কৰাৰ বাবে এনেদৰে ৰাজ্যৰ প্ৰতিখন ৰাজ্যিক আৰু মহকুমা চিকিৎসালয়ৰ লগতে স্বাস্থ্য কেন্দ্ৰ ৰাজ্য চৰকাৰে অধিক গতিশীল কৰাৰ বাবে এনেদৰে মুল্যায়ন পদ্ধতিৰ ব্যৱস্থা কৰিছে ।
সমগ্ৰ ৰাজ্যৰ দ্বিতীয় স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু জনসাধাৰণক গুণগত মান সম্পন্ন স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিতকৰণৰ পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰা হৈছে । এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানৰ মূল্যায়ন কৰিব । এই মূল্যায়ন কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনৰ ২১ খন জিলা চিকিৎসালয়, ১৬ খন মহকুমা চিকৎসালয়, ২০৫ খন সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু ১,০১০ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰকে ধৰি সৰ্বমুঠ ১,২৫২ খন চৰকাৰী স্বাস্থ্য কেন্দ্ৰক সামৰি লোৱাৰ পদক্ষেপ লৈছে ।
লগতে পঢ়ক : আঘোণতে লুকাই আছে চহা কৃষকৰ শাশ্বত সপোন
