ETV Bharat / state

আমিনগাঁৱত পোষণ মাহৰ কাৰ্যসূচীত ভাগ লৈ কি আশ্বাস দিলে বিত্তমন্ত্ৰীয়ে ?

author img

By

Published : Sep 7, 2021, 12:08 PM IST

শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ সংকল্পৰে আয়োজিত আমিনগাঁৱৰ এক সভাত ভাগ লয় বিত্ত তথা সমাজ কল্যাণ বিভাগৰ(Social Welfare Department) মন্ত্ৰী অজন্তা নেওগে(Ajanta Neog) ৷ দেশত চলি থকা পোষণ মাহৰ(POSHAN Maah) জৰিয়তে মহিলা আৰু শিশুসকলৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

minister ajanta neog in poshan maah related program at amingaon
আমিনগাঁৱত পোষণ মাহৰ কাৰ্যসূচীত অংশগ্ৰহণ বিত্তমন্ত্ৰীৰ

বাইহাটা, 7 ছেপ্তেম্বৰ : পোষণ মাহ(POSHAN Maah) উপলক্ষে পৰিপুষ্টি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে সোমবাৰে আমিনগাঁৱত উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত ভাগ লয় ৰাজ্যৰ বিত্ত তথা সমাজ কল্যাণ বিভাগৰ(Social Welfare Department) মন্ত্ৰী অজন্তা নেওগে(Ajanta Neog) ৷

minister ajanta neog in poshan maah related program at amingaon
আমিনগাঁৱত পোষণ মাহৰ কাৰ্যসূচীত অংশগ্ৰহণ বিত্তমন্ত্ৰীৰ

সভাত ভাগ লৈ শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ সংকল্প লৈ আকাশত এটি বৃহৎ বেলুন এৰি দিয়ে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ পোষণ মাহৰ জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান মুকলি কৰি তেওঁ কয় যে, মাতৃ হৈছে ধৰিত্ৰী ৷ বিশেষভাৱে মহিলা শক্তিৰ ওপৰত ন্যস্ত সমাজ কল্যাণ বিভাগ পোষণ অভিযানৰ দৰে শক্তিশালী চৰকাৰী নীতিৰ আধাৰত গঢ়ি উঠিছে ।

লগতে পঢ়ক: নাহৰকটীয়াত ৩৫ বছৰেও সম্পূৰ্ণ নহ'ল ৩০ খন বিচনাযুক্ত চিকিৎসালয়

লগতে তেওঁ কয় যে, সুস্থ মানৱ সম্পদ গঢ়ি ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত অৰিহণা যোগাবলৈ নতুন দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব ৷ বিত্তমন্ত্ৰী অজন্তা নেওগে অংশগ্ৰহণ কৰা জীৱনৰ মাধ্যমেৰে সুস্বাস্থ্যৰ অভিমুখী যাত্ৰাৰ একত্ৰীকৰণ লক্ষ্যভিত্তিক এই সভাখনৰ মূল উদ্দেশ্য আছিল ‘পুষ্টিহীনতামুক্ত অসমৰ দিশে এখোজ ’৷

minister ajanta neog in poshan maah related program at amingaon
আমিনগাঁৱত পোষণ মাহৰ কাৰ্যসূচীত অংশগ্ৰহণ বিত্তমন্ত্ৰীৰ

সমাজ কল্যাণ বিভাগত শীঘ্ৰেই ঝাৰু লগাব লাগিব । এতিয়া আৰু পূৰ্বৰ দৰে নাথাকিব দুৰ্নীতি আৰু ভুৱা হিতাধিকাৰী । দুৰ্নীতিৰ বোকা আঁতৰাই ন-ৰূপত সমাজ কল্যাণ বিভাগ গঢ় দিয়া হ’ব বুলি উক্ত সভাৰ জৰিয়তে আশ্বাস দিয়ে বিত্তমন্ত্ৰীগৰাকীয়ে ৷

দেশৰ অন্য প্ৰান্তৰ লেখীয়াকৈ অসমতো ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্যসূচী । প্ৰতিখন জিলাতে সজাগতামূলক সভা আৰু সমদলৰ আয়োজন কৰা হৈছে । সুস্থ শৰীৰৰ অধিকাৰী হ'বলৈ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা কিমান, সেই বিষয়ে পোহৰ মাহৰ সময়চোৱাত ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছে চৰকাৰে ।

আমিনগাঁৱত পোষণ মাহৰ কাৰ্যসূচীত অংশগ্ৰহণ বিত্তমন্ত্ৰীৰ

দেশৰ বহু শিশু পুষ্টিহীনতাত ভোগা দেখা যায় । সুষম আহাৰৰ অভাৱত গৰ্ভৱতী মহিলাসকল ৰুগীয়া হৈ পৰে । এনে মহিলাই জন্ম দিয়া শিশুসকলো পুষ্টিহীনতাত ভোগে । সেয়েহে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে 1 ছেপ্তেম্বৰৰ পৰা দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ ।

লগতে পঢ়ক: কাগজ কলৰ কৰ্মচাৰী পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.