ETV Bharat / state

কাগজ কলৰ কৰ্মচাৰী পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Sep 6, 2021, 11:00 PM IST

জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে সু-খবৰ ৷ অচিৰেই অন্ত পৰাৰ দিশে মিল দুটাৰ দীৰ্ঘদিনীয়া সমস্যা ৷ কাগজ কল দুটাৰ সমস্যা সন্দৰ্ভত সোমবাৰে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷

meeting-of-state-government-with-two-paper-mill-staff-council
কাগজ কলৰ কৰ্মচাৰী পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী,6 ছেপ্টেম্বৰ: জাগীৰোড আৰু কাছাৰ কাগজ কলৰ 10 খন কৰ্মচাৰী পৰিষদৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি ৷ সোমবাৰে গুৱাহাটীস্থিত অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড(AIDC)ৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা উক্ত বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰিকাই ৷ এই বৈঠক সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰিছে কৰ্মচাৰী পৰিষদৰ সদস্য সকলে ৷ অচিৰেই কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া সমস্যা অন্ত পৰাৰ আশা ব্যক্ত কৰিছে কৰ্মচাৰী পৰিষদে ৷

ইফালে জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ সৈতে হোৱা বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰিকাই এখন যৌথ সংবাদমেল সম্বোধন কৰি আলোচনা সন্দৰ্ভত কিছু কথা অৱগত কৰে ৷ চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, আলোচনা সৌহাৰ্দ্যপূৰ্ণ অৱস্থাত সমাপ্ত হৈছে ৷ গোটেই বৈঠকত কৰ্মচাৰী পৰিষদৰ সকলো সদস্যই সন্তুষ্টি প্ৰকাশ কৰিছে ৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হ’ব, কাৰণ বহু কথা মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰিছে ৷

কাগজ কলৰ কৰ্মচাৰী পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক

লগতে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, "বৈঠকত কৰ্মচাৰী পৰিষদৰ সদস্য সকল আশ্বস্ত হৈছে ৷ মুখ্যমন্ত্ৰীয়ে অচিৰেই ভাল খবৰটো ৰাইজক দিব ৷ আমিও সুখী, তেওঁলোকো সুখী "৷

একেদৰে উক্ত বৈঠক ইতিবাচক আখ্যা দিছে কৰ্মচাৰী পৰিষদে ৷ কৰ্মচাৰী পৰিষদে জনোৱা মতে, ৰাজ্য চৰকাৰে প্ৰায় সকলো দাবী মানি লৈছে ৷ লগতে কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া সমস্যাটো খুউব সোনকালেই সমাধান হোৱাৰ আশা প্ৰকাশ কৰিছে কৰ্মচাৰী পৰিষদে ৷ বৈঠকত কাগজ কলৰ কৰ্মচাৰীৰ আৱাস গৃহ খালি কৰাৰ প্ৰসংগতো আশ্বাস প্ৰদান কৰিছে দুয়োগৰাকী মন্ত্ৰীয়ে ৷ সদ্যহতে খালী কৰিব নালাগে আৱাসগৃহ ৷ মন্ত্ৰী পীযুষ হাজৰিকাই এই আশ্বাস প্ৰদান কৰা বুলি জনাইছে কৰ্মচাৰী পৰিষদে ৷

লগতে পঢ়কঃ কাগজকল সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ আহ্বান AJYCPৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.