ETV Bharat / state

বৰলীয়া নৈৰ সংহাৰী ৰূপ: আতংকগ্ৰস্ত ৰাইজ

author img

By

Published : Jun 18, 2019, 3:37 PM IST

প্ৰচুৰ বৃষ্টিপাতৰ ফলত ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তুলসীবাৰী-জয়ন্তীপুৰ,গোগমালেচা গাঁৱৰ কাষতে বৈ থকা বৰলীয়া নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰায় শতাধিক পৰিয়ালে আশ্ৰয়ৰ বাবে নিৰাপদ স্থানলৈ গতি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

বৰলীয়া নৈৰ সংহাৰী ৰূপ : আতংকগ্ৰস্ত ৰাইজ

ৰঙিয়া,১৮ জুন: ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তুলসীবাৰী-জয়ন্তীপুৰ,গোগমালেচা গাঁৱৰ কাষতে বৈ থকা বৰলীয়া নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। বাৰিষা প্ৰচুৰ বৃষ্টিপাতৰ পাছতে নৈৰ দুয়োপাৰ খহাই নিয়াত আতংকগ্ৰস্ত ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। প্ৰায় শতাধিক পৰিয়ালে আশ্ৰয়ৰ বাবে নিৰাপদ স্থানলৈ গতি কৰিছে। পূৰ্বেও খহনীয়াৰ কৱলত পৰা এই অঞ্চলকেইটাত ৰঙিয়া জলসম্পদ বিভাগে কিছু কাম হাতত লৈছিল যদিও একাংশ বিষয়া-কৰ্মচাৰীৰ হেমাহি আৰু দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে অঞ্চলটো পুনৰ খহনীয়াৰ কৱলত পৰে ।

বৰলীয়া নৈৰ সংহাৰী ৰূপ : আতংকগ্ৰস্ত ৰাইজ

বালি আৰু বাঁহেৰে গৰাখহনীয়া ৰোধৰ চেষ্টা কৰি চৰকাৰী ধন শৰাধ কৰাৰো অভিযোগ উত্থাপন হৈছে এই দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীসকলৰ বিৰুদ্ধে। পুনৰ ৰঙিয়া জলসম্পদ বিভাগে একেজন ঠিকাদাৰৰ হতুৱাই আৰু একে প্ৰক্ৰিয়াৰে গৰাখহনীয়া ৰোধ কৰিবলৈ যোৱাত ৰাইজৰ চকু কপালত উঠিছে । নৈত পানী বাঢ়িলেই আতংকত ভোগা অঞ্চলটোৰ ৰাইজে বিভাগ তথা ঠিকাদাৰক গৰাখহনীয়া ৰোধৰ নামত ধেমালি নকৰিবলৈ সকীয়াই দিছে। ইতিমধ্যে বিশ ঘৰতকৈও অধিক পৰিয়ালে নিজৰ ঘৰ-বাৰী এৰি আশ্ৰয় লৈছে গৈ নিৰাপদ স্থানত। আনহাতে বন বিভাগক নিয়ন্ত্ৰণত ৰাখি একাংশ অসাধু ব্যবসায়ীয়ে নিতৌ বিভিন্ন ঠাইত নৈৰ বুকু খান্দি অবৈধ বালিৰ বেহা চলাই আহিছে ।

Intro:বৰলীয়াই সংহাৰী ৰূপত খহাই নিছে দুয়োপাৰ। আতংকগ্ৰস্ত ৰাইজে আশ্ৰয় লৈছে গৈ নিৰাপদ স্থানত।Body:ৰঙিয়াৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তুলসিবাৰী-জয়ন্তীপুৰ, গোগমালেচা গাঁৱৰ গাতে লগাকৈ বৈ গৈছে বৰলীয়া নৈ। বাৰিষাৰ প্ৰৱল বৃষ্টিপাতৰ পিছত বৰ্তমান বৰলীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে । নৈখনে ভয়ংকৰ ভাৱে খহাই নিছে দুয়োপাৰ। ফলত বিনিদ্ৰ ৰজনী কটাইছে গাঁও খনৰ প্ৰায় শতাধিক পৰিয়ালৰ । পূৰ্বেও গৰাখহনীয়াৰ কবলত পৰা অঞ্চল সমূহত ৰঙিয়া জলসম্পদ বিভাগে গৰাখহনীয়া ৰোধ কৰিবৰ বাবে কিছু কাম হাতত লৈছিল যদিও বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ হেমাহি আৰু দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে অঞ্চল সমূহ পুনৰ গৰাখহনীয়াত পৰে । বালি আৰু বাহেৰে গৰাখহনীয়া ৰোধ কৰিবলৈ গৈ চৰকাৰী ধন শৰাধ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ভুলৰ পৰা শিক্ষা নোলোৱা ৰঙিয়া জলসম্পদ বিভাগে ঠিকাদাৰৰ হতুৱাই পুনৰ একেই প্ৰক্ৰিয়াৰে গৰাখহনীয়া ৰোধ কৰিবলৈ যোৱাত ৰাইজৰ চকু কপালত উঠিছে । নৈত পানী বাঢ়িলেই আতংকত ভোগা অঞ্চলটোৰ ৰাইজে বিভাগ তথা ঠিকাদাৰক গৰাখহনীয়া ৰোধৰ নামত ল'ৰাধেমালি নকৰিবলৈ সকীয়াই দিছে ।
ইতিমধ্যে প্ৰায় বিশঘৰ মান মানুহে নিজৰ ঘৰবাৰী এৰি আশ্ৰয় লৈছে নিৰাপদ স্থানত। আনহাতে বন বিভাগক মেনেজ কৰি একাংশ অসাধু ব্যবসায়ীয়ে নিতৌ বিভিন্ন ঠাইত নৈৰ বুকু খান্দি অবৈধ বালিৰ বেহা চলাই গৈছে । যাৰ ফলত বৰলীয়া নৈয়ে ভাৰসাম্য হেৰুৱাইছে।
Bite:- স্থানীয় ৰাইজConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.