ETV Bharat / state

MP Dilip Saikia at Rangia: আগন্তুক নিৰ্বাচনৰ বাবে ৰণনীতি সম্পূৰ্ণ; সাংসদ দিলীপ শইকীয়া

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:19 PM IST

MP Dilip Saikia
ৰঙিয়াত সাংসদ দিলীপ শইকীয়া

আগন্তুক নিৰ্বাচনত ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ লগত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে ৷ ইয়াৰ বাবে ইতিমধ্যে আঞ্চলিক মিত্ৰ দলসমূহৰ সৈতে সঘনাই বৈঠকত মিলিত হৈছে বিজেপিৰ নেতৃবৃন্দ ৷ মিত্ৰদলসমূহৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি দলসমূহৰ মাজৰ মিত্ৰতা অধিক কটকটীয়া কৰাৰ চেষ্টা চলাইছে দলটোৱে ৷ সাংসদ দিলীপ শইকীয়াই ৰঙিয়াত জানিবলৈ দিয়ে এই কথা ৷

ৰঙিয়াত সাংসদ দিলীপ শইকীয়া

ৰঙিয়া, ১২ ছেপ্টেম্বৰ: ৰাজ্যৰ শাসনাধিষ্ঠিত অসম চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ ৰঙিয়া কাৰ্যালয়ৰ সন্মুখত দেৱাল নিৰ্মাণৰ বাবে সোমবাৰে আধাৰশিলা স্থাপন কৰা হয় । আধাৰশিলা স্থাপন কৰে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । সাংসদ শইকীয়াৰ সমষ্টি উন্নয়ন পুঁজিৰ পাঁচ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান পকী দেৱালৰ আধাৰশিলা স্থাপনৰ পিচতে সাংসদগৰাকীক অগপ দলৰ নেতৃবৃন্দই উষ্ম আদৰণি জনায় ।

আধাৰশিলা স্থাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাখন অগপ দলৰ ৰঙিয়া সমষ্টি সমিতিৰ সভাপতি লীলাধৰ শালৈয়ে সঞ্চালনা কৰে । সভাখনত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই বিজেপি আৰু অগপ দলৰ মিত্ৰতা বহু পুৰণি বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰণনীতি সম্পূৰ্ণ প্ৰস্তুত কৰি তোলাৰ কথা জানিবলৈ দিয়ে ।

তেওঁ নিৰ্বাচনত ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ, ইউপিপিএলৰ লগতে সৰু সৰু দলসমূহৰ লগত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দিতা কৰাৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰ বাবে ইতিমধ্যে বিজেপিৰ নেতৃবৃন্দই আঞ্চলিক মিত্ৰ দলসমূহৰ সৈতে সঘনাই বৈঠকত মিলিত হোৱাৰ কথাও তেওঁ ব্যক্ত কৰে ।

সাংসদ শইকীয়াই বিশেষকৈ মিত্ৰদলসমূহৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি দলসমূহৰ মাজৰ মিত্ৰতা অধিক কটকটীয়া কৰিবলৈ চেষ্টা চলোৱাৰ কথা এই সভাত জানিবলৈ দিয়ে । যাতে এই মিত্ৰতা কেৱল নেতৃত্বৰ মাজতে সীমাবদ্ধ নাথাকি তৃণমূল পৰ্যায়তো মজবুত হয় । অনুষ্ঠানটোত দলটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অৰ্ণৱ ভৰালীয়েও অংশগ্ৰহণ কৰে । সভাখনত ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক দলীয় কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: Assam CM Air Expenses : এটা বছৰত মন্ত্ৰীমণ্ডলীসহ মুখ্যমন্ত্ৰীৰ আকাশী যাত্ৰাত ব্যয় ৩৪ কোটিৰো অধিক ! বিধানসভাত চৰকাৰৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.