ETV Bharat / state

বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Sep 11, 2020, 4:08 PM IST

kmrup chagaon illegal timber seized
বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

বৃহস্পতিবাৰে পুৱতি নিশা কুকুৰমাৰা খণ্ড বন বিষয়াৰ নেতৃত্বত ছমৰীয়াৰ বৰালীমাৰত জব্দ কৰে এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক ৷ জব্দকৃত কাঠ খিনিৰ মূল্য হ’ব প্ৰায় ৬০ হেজাৰ টকা ৷

ছয়গাঁও, ১১ ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে নিশা কুকুৰমাৰা খণ্ড বন বিষয়া কাৰ্যালয়ৰ এটি বন কৰ্মীৰ দলে চলোৱা এক অভিযানত ছমৰীয়াৰ বৰালীমাৰাৰ পৰা এখন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰামতে মেঘালয়ৰ পৰা হাহিম হৈ ছমৰীয়া ৰাস্তাৰে চোৰাং কাঠৰ গাড়ী এখন গৈ থকাৰ তথ্য লাভ কৰে কুকুৰমাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ে ৷ পুৱতি নিশা পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া ৰঞ্জন কুমাৰ গোস্বামীৰ নিৰ্দেশ মৰ্মে খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ নেতৃত্বত যোৱা বন কৰ্মীৰ দলটোৱে বকো ছমৰীয়া পথৰ পৰা চোৰাং কাঠ কঢ়িওৱা গাড়ীখন খেদি গৈ অৱশেষত বৰালীমাৰাত ধৰিবলৈ সক্ষম হয় ৷

বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

ইপিনে বন বিভাগৰ দলটো উপস্থিত হোৱাৰ লগে লগে গাড়ীখনৰ চালকজন পলায়ন কৰে ৷ বন বিভাগে চোৰাং কাঠ সহ জব্দ কৰা বলেৰ’ পিকআপ ভানখনৰ নম্বৰ হৈছে এ-এছ-২৫ই-চি- ৩৩৩০ ৷ আনহাতে জব্দকৃত ননশাল কাঠ খিনিৰ মূল্য প্ৰায় ৬০ হেজাৰ হ’ব বুলি বন বিভাগে জানিবলৈ দিছে ৷

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, বকোত শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ নিচেই ওচৰেৰে এনেদৰে চোৰাং কাঠ সৰবৰাহ হৈ থকাৰ পিচতো কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো এক ৰহস্যৰ বিষয় হৈ পৰিছে বুলি অভিযোগ উঠিছে ৷ ইয়াৰ পৰিবৰ্তে কুকুৰমাৰাৰ পৰা বন কৰ্মীৰ দল গৈ অভিযান চলাই চোৰাং কাঠৰ গাড়ী জব্দ কৰিবলগীয়া কথাটোৱে শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ ফোপোলা স্বৰূপটো উদঙাই দিছে ৷

লগতে পঢ়কঃ যোৰহাট আৰক্ষীৰ জালত ম’ষ্ট ৱান্টেড ‘পচা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.