ETV Bharat / state

Historic Tarani Hari temple: ঐতিহাসিক তৰণি হৰি মন্দিৰৰ সভাগৃহৰ প্ৰাংগণত আধাৰশিলা স্থাপন

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 9:44 AM IST

Foundation stone laid in the historic Tarani Hari temple
ঐতিহাসিক তৰণি হৰি মন্দিৰৰ সভা গৃহৰ প্ৰাংগনত আধাৰশিলা স্থাপন

সমাগত ৰাস মহোৎসৱ ৷ ৰাস মহোৎসৱৰ আয়োজনৰ সমান্তৰালকে ৰঙিয়াৰ ঐতিহাসিক তৰণি হৰি মন্দিৰৰ সভাগৃহক ন ৰূপ দিয়াৰ উদ্দেশ্যে হৰি মন্দিৰৰ প্ৰাংগনত আধাৰশিলা স্থাপন কৰা হয় ।

ঐতিহাসিক তৰণি হৰি মন্দিৰৰ সভা গৃহৰ প্ৰাংগনত আধাৰশিলা স্থাপন

ৰঙিয়া, 14 নৱেম্বৰ : ৰঙিয়াৰ ঐতিহাসিক তৰণি হৰি মন্দিৰৰ সভাগৃহক ন ৰূপ দিয়াৰ উদ্দেশ্যে সোমবাৰে হৰি মন্দিৰৰ প্ৰাংগনত আধাৰশিলা স্থাপন কৰা হয় । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোত ৰঙিয়াৰ বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই স্থানীয় ৰাইজৰ উপস্থিতিত নতুন সভাগৃহৰ আধাৰশিলা স্থাপন কৰে ।

বিধায়কগৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ‍্যি ভাষণ দি কয় যে মন্দিৰৰ সভাগৃহটো নতুনকৈ তথা আটকধুনীয়াকৈ নিৰ্মাণৰ উদ্দেশ্যে প্ৰথমাৱস্থাত 10 লাখ টকা আৰু দ্বিতীয় পৰ্যায়ত আকৌ 10 লাখ টকাৰে সমুদায় 20 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা হ’ব । আগন্তুক দুবছৰৰ ভিতৰত সভাগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে ৷ এই নতুন সভাগৃহৰদ্বাৰা বৃহত্তৰ অঞ্চলটোৰ ভক্তসকল উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । লগতে এই সভাগৃহটো অত্যাধুনিক প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা হ’ব বুলিও বিধায়ক কলিয়াই মত প্ৰকাশ কৰে ৷

তেওঁ লগতে কয় যে আগন্তুক ৰাস মহোৎসৱৰ উদযাপন সম্পূৰ্ণ হৈ উঠাৰ পিচতেই সভাগৃহৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব । অনুষ্ঠানটোত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা, বৈদ‍্যগড় গাঁও পঞ্চায়তৰ সভাপতি দুলু ভূঞা, হৰি মন্দিৰৰ সভাপতি বিনোদ শৰ্মা , কাৰ্যকৰী সভাপতি সনাতন কলিতা, প্ৰচাৰ পত্ৰিকাৰ সভাপতি শুক্লেশ্বৰ কলিতা, সম্পাদক শংকৰ কলিতা , থিয়েটাৰ পৰিচালনা কমিটিৰ সম্পাদক দিব্যজ্যোতি কলিতা , যুৱ ব্যৱসায়ী নিপন কলিতাৰ লগতে অঞ্চলটোৰ বহু গণ্যমান‍্য লোক উপস্থিত থাকে ।

লগতে পঢ়ক: Drugs seize: দীপাৱলীৰ উলহ মালহৰ মাজতে নগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.