ETV Bharat / state

ৰঙিয়াত কৃষকৰ আৰ্তনাদ: বালিত পোত গ'ল বিঘাই বিঘাই কৃষিভূমি

author img

By

Published : Jul 5, 2022, 8:16 AM IST

ৰঙিয়াত বানে কোঙা কৰা খেতিয়কৰ হাহাকাৰ ৷ মুৰে কপালে হাত দিব লগা হৈছে খেতিয়কসকলে ৷ ৰঙিয়াত এসাঁজ খাই এসাঁজ লঘোনে থাকি কোনোমতে জীৱন নিৰ্বাহ কৰিছে দুৰ্ভগীয়া কৃষকসকলে ৷

Farmers of Rangia in distress as floods damage crops, farmland
ৰঙিয়াত কৃষকৰ আৰ্তনাদ: বালিত পোত গ'ল বিঘাই বিঘাই কৃষিভূমি

ৰঙিয়া, 5 জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ (Assam Flood 2022)৷ ৰাজ্যখনৰ কিছু অংশত বান শাম কাটিছে যদিও অধিকাংশ অঞ্চলৰ ৰাইজ এতিয়াও আৱদ্ধ হৈ আছে বানত ৷ ৰাজ্যত হোৱা এই দ্বিতীয়টো বানত মানুহ আৰু পশুধনৰ লগতে কৃষিভূমিৰো বিস্তৰ ক্ষতিসাধন হৈছে ৷ শেহতীয়াকৈ প্ৰকাশ হোৱা এক তথ্য অনুসৰি চলিত বৰ্ষৰ দ্বিতীয়টো বানত ২১ খন জিলাৰ 47009 খন ৰাজহ গাঁৱৰ ৩ লাখ ৬৩ হাজাৰ ৯৭ টা কৃষিজীৱি পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে (Crop submergence in Assam flood) ৷

ৰঙিয়াত কৃষকৰ আৰ্তনাদ: বালিত পোত গ'ল বিঘাই বিঘাই কৃষিভূমি

আনহাতে, বলিয়া বানে ৰঙিয়াৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহতো বিস্তৰ ক্ষতিসাধন কৰিছে । এই বানত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল । ৰঙিয়াৰ আন আন অঞ্চলসমূহ লগতে হাছানটুকৰ খেতিয়ক সকলৰো বানে বিস্তৰ ক্ষতিসাধন কৰিছে(Farmers lost their farmland in floods in Rangia) । ৰঙিয়াত মথাউৰি ছিগাৰ ফলত হঠাৎ সৃষ্টি হোৱা বানে অঞ্চলটোৰ শ শ বিঘা কৃষিভূমি প্লাৱিত কৰিছিল । কিছুদিন পূৰ্বে শস্য নদন বদন হৈ থকা খেতিপথাৰ সমূহ মুহূৰ্ততে তচ-নচ কৰি পেলাইছিল বানে ।

বান শেষ হোৱাৰ পিছত খেতি পথাৰত ঠায়ে ঠায়ে বালিৰ দুইৰ পৰা সাত ফুট ওখ ডাঠ তৰপ পৰিছে । চৌদিশে এতিয়া মৰুভূমি সদৃশ পৰিবেশ । কিছু কিছু ঠাইত আকৌ কৃষকৰ কেইবা শতাধিক খেতি পথাৰত পানীয়ে ডোঙা বান্ধিছে ।

পেটৰ তাৰণাত দিন হাজিৰা কৰিবলৈ বাধ্য হৈছে খেতিয়কসকল । এসাঁজ খাই এসাঁজ লঘোনে থাকি কোনোমতে দিন পাৰ কৰিছে দুৰ্ভগীয়া কৃষকসকলে । জীৱিকাৰ মুল সম্বল সপোনৰ ধাননি পথাৰখন পানীৰ তলত অথবা বালিৰ তলত থকাত পেটত গামোচা বান্ধি কষ্টকৰ দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলটোৰ কেইবা শতাধিক কৃষকে । ইয়াৰ উপৰিও এই কৃষকসকলে আজি পৰ্যন্ত কোনো আঁচনি তথা চৰকাৰী সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : বৰ্তমানেও ৰাজ্যৰ দুই লক্ষাধিক বন্যাক্রান্ত আশ্রয় শিৱিৰত আৱদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.