ETV Bharat / state

কেম্প ফায়াৰেৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 5:26 PM IST

Chandubi Festival 2024
চানডুবি মহোৎসৱৰ সামৰণি

Chandubi Festival 2024 : সামৰণি পৰিল চানডুবি উৎসৱ 2024ৰ ৷ পহিলা জানুৱাৰীৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল চানডুবি মহোৎসৱ ৷

সামৰণি পৰিল চানডুবি মহোৎসৱ

মিৰ্জা, 6 জানুৱাৰী : নিজম পৰিল চানডুবিৰ বাকৰি ৷ কেম্প ফায়াৰেৰে সামৰণি পৰিল চানডুবি উৎসৱ 2024ৰ ৷ 2024 বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভণি হৈছিল চানডুবি মহোৎসৱৰ ৷

2024ৰ পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চানডুবি মহোৎসৱ ৰাভা সকলৰ জাতীয় কৃষ্টি-সংস্কৃতি, কেম্প ফায়াৰেৰে অন্ত পৰে ৷ বিগত দিনসমূহত ৰাভা জনগোষ্ঠীৰ জাতীয় কৃষ্টি-সংস্কৃতিৰে উজলি উঠিছিল চানডুবিৰ বাকৰি ৷ চৰকাৰৰ অৱহেলাৰ বাবে পৰ্যটনস্থলী হিচাপে চানডুবিৰ লগতে ইয়াৰ সমীপৱৰ্তী লোকে বিশেষ কোনো উন্নয়নৰ মুখ নেদেখাৰ বাবে চৰকাৰলৈ বাট নাচাই এনেদৰেই চানডুবিৰ বাকৰিত বিগত 14 বছৰ ধৰি এনেদৰে উদযাপন কৰি আহিছে চানডুবি উৎসৱ ৷

এইবেলিও 14 সংখ্যক চানডুবি উৎসৱত প্ৰতিদিনে অনুষ্ঠিত হয় ৰাভা জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি-সংস্কৃতিৰ অনুষ্ঠানৰ লগতে আলোচনা চক্ৰৰ ৷ গুৱাহাটীৰ পৰা মাত্ৰ 60 কিলোমিটাৰ নিলগত থকা চানডুবি নিতৌ ৰাভা জনগোষ্ঠীয় কৃষ্টিৰে মুখৰ হৈ আছিল ৷ পাঁচদিনীয়াকৈ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা চানডুবি উৎসৱত পৰ্যটক সকলে চানডুবিৰ বুকুত নৌকা বিহাৰৰ লগতে গাহৰি পোৰা, কেকোঁৰা পোৰা, মাছ পোৰা আদিকে ধৰি জনজাতীয় বিভিন্ন খাদ্য সম্ভাৰৰ জুতি লয় ৷ লগতে জনজাতীয় সাজপাৰৰো সমাহাৰ ঘটে এই চানডুবি উৎসৱত ৷

1 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই চানডুবি উৎসৱ পাঁচ জানুৱাৰীত সফলতাৰে সমাপ্তি ঘটে ৷ কেম্প ফায়াৰেৰে, সকলোৱে নাচি-বাগি আনন্দেৰে সামৰণি পেলাই এই বৰ্ষৰ চানডুবি উৎসৱক ৷

উল্লেখ্য যে, ১৮৯৭ চনৰ ১২ জুনৰ সন্ধিয়া বৰভূইকঁপৰ ফলত সৃষ্টি হৈছিল চানডুবি বিল ৷ এই চানডুবি বিলৰ পাৰতেই প্ৰতিবছৰে উদযাপন হৈ আহিছে চানডুবি উৎসৱ ।

লগতে পঢ়ক : দীৰ্ঘদিনৰ পাছত লাওখোৱা, বুঢ়াচাপৰিত গঁড়ৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.