ETV Bharat / state

সুদীৰ্ঘ ২১ মাহৰ অন্তত খুলিল ৰঙিয়াৰ ডিলাইট গ'ল্ড ছবিগৃহ

author img

By

Published : Nov 6, 2021, 6:26 PM IST

Rangia
সুদীৰ্ঘ ২১ মাহৰ অন্তত খুলিল ৰঙিয়াৰ ডিলাইট গ'ল্ড ছবিগৃহ

মহামাৰীৰ বাবে ২১ মাহ ধৰি বন্ধ হৈ আছিল ৰঙিয়াৰ একমাত্ৰ ছবিগৃহ ডিলাইট গ'ল্ড চিনেমা । অৱশেষত চৰকাৰৰ নিৰ্দেশনাৰ পাছতে ক'ভিড বিধি পালন কৰি খোলা হ’ল ছবিগৃহটো । উৎফুল্লিত ছবিগৃহটোৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকল ।

ৰঙিয়া,৬ নৱেম্বৰ : সুদীৰ্ঘ ২১ মাহৰ অন্তত শুকুৰবাৰে খোল খালে ৰঙিয়াৰ ডিলাইট গ'ল্ড চিনেমা (Delight Gold Cinema) । যাৰ বাবে এতিয়া চিনেমা হল কৰ্তৃপক্ষ আৰু কৰ্মচাৰীৰ লগতে দৰ্শকৰ মাজত ব্যাপক উৎসাহ । অত্যাধুনিক এই ছবিগৃহটোত কেৱল ৰঙিয়াৰে নহয় কামৰূপ, নলবাৰী, তামুলপুৰ, দৰং আৰু বৰপেটাৰো দৰ্শকে চিনেমা উপভোগ কৰিবলৈ আহে । ৰাজ্যৰ ভিতৰতে বৃহৎ অত্যাধুনিক এই ছবিগৃহটোত আছে ৬০৬ খন আসন ।

'সূৰ্যবংশী'(Suryavanshi) নামৰ হিন্দী ছবিখনেৰে পুনৰ আৰম্ভ এই ছবিগৃহটো । সম্পূৰ্ণ ক'ভিড প্ৰট'কল (Covid protocol) মানি ছবিগৃহটো খোলাৰ ব্যৱস্থা কৰিছে ছবিগৃহ কতৃপক্ষই । ডিলাইট চিনেমা হলটো এফালৰ পৰা চাফ–চিকুণ কৰাৰ লগতে ছেনিটাইজ কৰা হৈছে ৷ ইফালে ৫০ শতাংশ দৰ্শকে উপভোগ কৰিছে ছবি ।

সুদীৰ্ঘ ২১ মাহৰ অন্তত খুলিল ৰঙিয়াৰ ডিলাইট গ'ল্ড ছবিগৃহ

যদিহে কোনো দৰ্শকে মাস্ক পৰিধান কৰি অহা নাই, তেন্তে ছবিগৃহৰ ভিতৰত প্ৰবেশ কৰাত নিষেধজ্ঞা আৰোপ কৰিছে ডিলাইট চিনেমা হল কতৃপক্ষই । উল্লেখ্য যে মাৰাত্মক কৰ'ণা ভাইৰাছৰ (Corona Virus) বাবে যোৱা ২১ মাহে ছবিগৃহটো বন্ধ হৈ থকাত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল ছবিগৃহটোৰ মালিক ।

ছবিগৃহ খোলাৰ নামত লোৱা ঋণ পৰিশোধ কৰিব পৰা নাছিল মালিকে । ছবিগৃহটোত কাম কৰা কৰ্মচাৰী সকলৰো অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছিল । অৱশেষত চৰকাৰে ছবিগৃহ খুলিবলৈ দিয়াত উৎফুল্লিত হৈ পৰিছে ছবিগৃহটোৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকল ।

লগতে পঢ়ক :পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে গুৱাহাটীৰ পৰা শদিয়ালৈ চাইকেল যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.