ETV Bharat / state

পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে গুৱাহাটীৰ পৰা শদিয়ালৈ চাইকেল যাত্ৰা

author img

By

Published : Nov 6, 2021, 4:16 PM IST

পৰিৱেশ সংৰক্ষণ, প্ৰদুষণ মুক্ত কাজিৰঙাৰ লগতে গছ কটা বন্ধ কৰা, নিজৰ স্বাস্থ্য ভালে ৰখা ইত্যাদি বিষয়ৰ ওপৰত সজাগতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি গুৱাহাটীৰ পৰা শদিয়ালৈ চাইকেল যাত্ৰা কৰিলে ১৩ জনীয়া এটা দলে ৷

cycle-rally-from-guwahati-to-sadia-for-environmental-awareness
পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে গুৱাহাটীৰ পৰা শদিয়ালৈ চাইকেল যাত্ৰা

বোকাখাত, 6 নৱেম্বৰ : পৰিৱেশ সংৰক্ষণ, প্ৰদুষণ মুক্ত কাজিৰঙাৰ লগতে অসমত গছ কটা বন্ধ কৰা, স্বাস্থ্য ভালে ৰখাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি গুৱাহাটীৰ পৰা শদিয়ালৈ চাইকেলেৰে যাত্ৰা এটা দলৰ ৷ টিলিঙা স্পৰ্টচ ক্লাবৰ উদ্যোগত আৰু পদ্মাৱতী আলহী ঘৰৰ সহযোগত ১৩ জনীয়া দলটোৱে ৫ নৱেম্বৰ শুকুৰবাবে গুৱাহাটীৰ পৰা শদিয়ালৈ বুলি চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে ৷

কাজিৰঙাত বন বিভাগৰ অতিথিশালাত নিশাটো যাপন কৰি শনিবাৰে পুৱা শদিয়ালৈ বুলি যাত্ৰা আৰম্ভ কৰি বোকাখাতত উপস্থিত হয় দলটি ৷ যাত্ৰাৰ অন্যতম সহযোগী পদ্মাৱতী অতিথিশালাত দলটিয়ে পুৱাৰ আহাৰ গ্ৰহণ কৰি পুনৰ যাত্ৰা আৰম্ভ কৰে ৷ মূলত পৰিৱেশ সংৰক্ষণৰ লগতে চাইকেল চলোৱাৰ উপকাৰিতা আৰু পৰ্যটনৰ লগতে যাতায়তৰ অন্যতম আহিলা চাইকেলৰ প্ৰয়োজনীয়তা সম্পৰ্কত সজাগতা বৃদ্ধিৰ বাবেই এই চাইকেল যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে গুৱাহাটীৰ পৰা শদিয়ালৈ চাইকেল যাত্ৰা

তাৰোপৰি বৰ্তমান সময়ত প্ৰদূষণে সকলো ফালে আৱৰি ধৰাৰ লগতে পোহৰৰ উৎসৱ দিপাৱলীৰ বতৰত চৰকাৰৰ সেউজীয়া দিপাৱলী উদযাপনৰ যি আহ্বান, সেই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱেই যাতে সেউজীয়া দিপাৱলী উদযাপন কৰে সেই বিষয়েও যাত্ৰাৰ পথত ৰাইজক সজাগতা অনাৰ প্ৰয়াস কৰে দলটোৱে ৷ বোকাখাতৰ পৰা দলটো তিনিভাগ হৈ এটা দল মাজুলী, আনটো দল শদিয়া আৰু তৃতীয়টো দল পুনৰ গুৱাহাটীলৈ ৰাওনা হৈছে ৷

লগতে পঢ়ক : ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমৰ চাৰি ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.