ETV Bharat / state

ৰাজ্যজুৰি পালন ধন ঐৰ্শ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা

author img

By

Published : Oct 13, 2019, 10:45 PM IST

ৰাজ্যজুৰি পালন ধন ঐৰ্শ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা

আজি দেশ তথা ৰাজ্যজুৰি পালন ধন অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা ৷ কামৰূপ, শিলচৰ, গুৱাহাটীটো উলহ-মালহেৰে পালন লক্ষ্মী পূজা ৷

নিউজ ডেস্ক, 13 অক্টোবৰঃ আজি দেশ তথা ৰাজ্যজুৰি পালন কৰা হয় ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা ৷ সমান্তৰালকৈ কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত লক্ষ্মী শিলটো উলহ মালহেৰে পালন কৰা হয় মা লক্ষ্মী দেৱীৰ পূজা অৰ্চনা । প্ৰবাদ অনুসৰি ঐতিহ্যমণ্ডিত লক্ষ্মী শিলত নিজে নিজে শিলৰ ওপৰত গজে ধান গছ । শিলৰ ওপৰত গজা ধান গছ জোপা ভাল হ’লে ৰাজ্যত খাদ্য শস্য ভাল হয় আৰু শিলৰ ওপৰত গজা ধান গছ জোপা বেয়া হ'লে ৰাজ্যৰ কৃষিত কু-প্ৰভাৱ পৰে ৷ সেয়ে হাজাৰ হাজাৰ ভক্তই আজি পুৱাৰে পৰা ভিৰ কৰে মন্দিৰ প্ৰাংগণত । মা লক্ষ্মীক সন্তুষ্ট কৰাৰ বাবে ভক্ত সকলে আগবঢ়াই ধূপ চাকি নৈবদ্য ।

ইপিনে শিলচৰ আৰু মহানগৰীতো উলহ মালহেৰে পালন কৰা হয় লক্ষ্মী পূজা ৷ শিলচৰ চহৰৰ শ্বহীদ সুনীল সৰকাৰ লেনৰ বিমলা কুটিৰৰ লক্ষ্মী পূজা হৈছে চহৰখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ যোৱা 67 বছৰ ধৰি পালন কৰি অহা হৈছে লক্ষ্মী পূজাৰ লগতে নাৰায়ণৰ পূজা ৷

লক্ষ্মী পূজা

আনহাতে মহানগৰী 2 নং মঠঘৰীয়াস্থিত লক্ষ্মী মন্দিৰৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে চাৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় লক্ষ্মী পূজা ৷ তোৰণ উন্মোচন কৰাৰ লগতে বিগত 49 বছৰৰ 49 খন ধৰ্মাধ্বজা উত্তোলন কৰা হয় ৷ পূৱা এক সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰা হয় । এই শুভাযাত্ৰাত অংশ লয় গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন উজাই । আন তিনিটা দিনত সংস্কৃতিক সন্ধিয়া, স্থানীয় শিল্পীৰ দ্বাৰা নাট, নাগাৰা নাম আদি প্ৰদৰ্শিত কৰা হ’ব ৷

ইপিনে সুৰুজ নগৰ স্থিত আনন্দ নগৰৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত মা লক্ষ্মী পূজা উপলক্ষে কণ কণ শিশুবোৰৰ মাজত চিত্ৰাংকন আদিকে ধৰি নানান ধৰণৰ খেল-ধেমালি অনুষ্ঠিত কৰা হয় ৷ সন্ধিয়াৰ ভাগত দেৱী মা লক্ষ্মীৰ পূজা অৰ্চনা কৰা হয় ৷

Bhubaneswar Airpot
সৌজন্যঃ ছ’চিয়েল মিডিয়া
Intro:

V/O:---আজি ধন ঐৰ্শ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী দেৱীৰ পূজা ৷ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত লক্ষ্মী শিলটো উলহ মালহেৰে আয়োজন কৰা হৈছে মা লক্ষ্মী দেৱীৰ পূজা অৰ্চনা ।ঐতিহ্যমণ্ডিত লক্ষ্মী শিলত নিজে নিজে শিলৰ ওপৰত গজে ধান গছ। প্ৰবাদ অনুসৰি শিলৰ ওপৰত গজা ধান খেতি ভাল হলে ৰাজ্যৰ খাদ্য শস্য ভাল হয় আৰু শিলৰ ওপৰত গজা ধান খেতি বেয়া হ'লে ৰাজ্যৰ কৃষিত কু প্ৰভাৱ পৰে বুলি আছে জনবিশ্বাস । সেয়ে হাজাৰ হাজাৰ ভক্তই মন্দিৰ প্ৰাংগণত আজি পুৱাৰ পৰা ভীৰ কৰে মন্দিৰ প্ৰাংগণত। মা লক্ষ্মীক সন্তুষ্ট কৰাৰ বাবে ভক্ত সকলে আগবঢ়াই ধূপ চাকি নৈবদ্য ।
Byte:---
Byte:---Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.