ETV Bharat / state

বাজেট 2021-22: ৰঙিয়াৰ এপ'ল মিলৰ কৰ্মচাৰীলৈ ভাল খবৰ

author img

By

Published : Jul 17, 2021, 11:48 AM IST

Good news to the apol mill staff at Tulsibari in Rangia
বাজেট প্ৰসংগ: ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ কৰ্মচাৰীলৈ ভাল খবৰ

১০৭৫৫৬.২৯ কোটি টকাৰ ব্যয় প্ৰস্তাৱেৰে শুকুৰবাৰে বিয়লি বিধানসভাৰ মজিয়াত বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ প্ৰথমখন বাজেট (Assam budget) দাখিল কৰিলে ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিললৈও ধাৰ্য কৰা হৈছে ১২ কোটি টকা ।

ৰঙিয়া, 17 জুলাই : ২০২১-২০২২ বিত্তীয় বৰ্ষটোৰ বাবে মুঠ ১০৭৫৫৬.২৯ কোটি টকাৰ ব্যয় প্ৰস্তাৱেৰে শুকুৰবাৰে বিয়লি বিধানসভাৰ মজিয়াত ড৹ হিমন্ত বিশ্ব শৰ্মা (HIMNTA BISWA SARMA) চৰকাৰৰ প্ৰথমখন বাজেট (Assam budget) দাখিল কৰিলে ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে (AJANTA NEOG)। ক’ভিড (COVID-19) কেন্দ্ৰীক অচলাৱস্থাৰ বৰ্তমানত ৰাজ্যৰ বাৰ্ষিক বাজেট কি হ’ব‌ বুলি সচেতন মহলত চলিছিল ব্যাপক চৰ্চা । তাৰ‌ মাজতে শুকুৰবাৰে বিজেপিৰ (BJP) কেইবাটাও নিৰ্বাচনী প্ৰতিশ্ৰুতিক সাকাৰ‌ ৰূপ দি বিত্তমন্ত্ৰী (FINANCE MINSTER) গৰাকীয়ে দাখিল কৰিলে ৫৬৬.২০ কোটিৰ সামান্য ঘাটিৰে এখন অভিলাষী বাজেট (budget )।

অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিললৈও (Rangiya Apolo Mill) ধাৰ্য কৰা হৈছে ১২ কোটি টকা । যোৱা চাৰে চাৰি বছৰে বন্ধ হৈ থকা মিলটোৰ শ্ৰমিক সকলক ভি আৰ এছ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে বাজেট অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰিছে । কৰ্মচাৰীসকলক সন্মান সহকাৰে বিদায় দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । অসম পলিয়েষ্টাৰ সমবায় সমিতি লিমিটেডৰ কৰ্মচাৰীসকলে সন্মানসহকাৰে বিদায় পাব ।

বাজেট প্ৰসংগ: ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ কৰ্মচাৰীলৈ ভাল খবৰ

এপ'ল মিলৰ ভূমি আৰু সম্পত্তিসমূহ চৰকাৰে গ্ৰহণ কৰি তাত অন্য ঔদ্যোগিক প্ৰতিষ্ঠান স্থাপনৰ ব্যৱস্থা কৰিব । লগতে এপ'ল মিলৰ সকলো লেনা-দেনা পৰিশোধ কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় বাজেটত ।

এবছৰ পূৰ্বেও বাজেট অধিৱেশনত এপ'ল মিলৰ কৰ্মচাৰীসকলৰ বাবে ভিআৰএছৰ পোন্ধৰ কোটি টকা ধাৰ্য কৰা হৈছিল । কিন্তু সেই কথা বহুলভাবে প্ৰচাৰিত হৈছিল । কিন্তু ভিআৰএছৰ ধনৰাশি মোকলাই নিদিলে চৰকাৰে ।

এইবাৰৰ বাজেটত নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ ঋণী মহিলাৰ ঋণ ৰেহাইৰ বাবে চৰ্ত সাপেক্ষে ৭৫০০ কোটিৰ প্ৰস্তাৱ ৰখাৰ উপৰি অৰুনোদয় আঁচনিৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰখা হয় । হিতাধিকাৰী মুখী বাজেটখনৰ এই দুই প্ৰস্তাৱ আছিল অন্যতম আকৰ্ষণৰ বিষয় । বিত্ত মন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে, অৰুণোদয় আঁচনিখন হৈছে এনে এখন বৃহৎ আঁচনি য’ত ৰাজ্যৰ ৪০% পৰিয়ালৰ স্বাৰ্থ জড়িত হৈ আছে ।

অৰুণোদয়ৰ ৰূপায়ণৰ বাবে এই বাজেটত ১৮০০ কোটি টকাৰ এক বৃহৎ পুঁজিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । আনহাতে, নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বাজেটত ১ লাখ ৪৩ জন নিবনুৱাক সংস্থাপিত কৰাৰ প্ৰস্তাৱ উল্লেখ কৰা হৈছে ।‌ বাজেটত স্থান পোৱা আন‌ আন গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সমূহৰ ভিতৰত আছে - গুৱাহাটীৰ পাহাৰত বাস কৰা পৰিয়াল সমূহক মাটিৰ পট্টা দিয়া, তামুলপুৰক জিলালৈ উন্নীত কৰা , ১০০০০ টকা অংগনবাড়ী কেন্দ্ৰক মডেল হিচাবে নিৰ্মাণ কৰা, আৰু পাঁচখন নতুন মেডিকেল কলেজ স্থাপন কৰা, এক ৰাষ্ট্ৰ এক ৰেছন কাৰ্ড' নীতি বলবৎ কৰা, ১৮ খন‌ সংখ্যা লঘু মহিলা মহাবিদ্যালয় স্থাপন, গোৱালপাৰাৰ অজগৰ বনাঞ্চলক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা, নতুন দিল্লীত অসম সাংস্কৃতিক প্ৰকল্প ৰূপায়ন ৷

লগতে পঢ়ক-৫৬৬.২০ কোটি টকাৰ ঘাটিৰে অজন্তা নেওগে দাখিল কৰিলে ১০৭৫৫৬.২৯ টকীয়া বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.