ETV Bharat / state

Municipal Election Results: গেৰুৱাবাহিনী দখলত ৰঙিয়াৰ ৮ টা ৱাৰ্ড

author img

By

Published : Mar 9, 2022, 7:06 PM IST

Updated : Mar 9, 2022, 7:49 PM IST

BJP wins at Rangia municipality Election
গেৰুৱাবাহিনী দখলত ৰঙিয়াৰ 10টা ৱাৰ্ড

ৰঙিয়াত আবতৰীয়া হোলী ৷ ৰঙিয়াত উৰিছে গেৰুৱাবাহিনীৰ বিজয়ৰ পতাকা (BJP wins at Rangia municipality Election) ৷ অসম পৌৰসভা নিৰ্বাচনৰ ৰঙিয়াৰ ৮ টা ৱাৰ্ডত বিজেপিৰ জয় ৷

ৰঙিয়া, 9 মাৰ্চ : ৰঙিয়াত ঘোষণা হ'ল পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল । ৰঙিয়াত নিৰংকুশ সংখ্যগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে (BJP wins at Rangia municipality Election)। উল্লেখ্য যে, ৬ মাৰ্চত অনুষ্ঠিত হোৱা অসম পৌৰসভা নিৰ্বাচন ৰঙিয়াত শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছিল ভোটগ্ৰহণ কাৰ্য (Municipal Election Results) ।

গেৰুৱাবাহিনী দখলত ৰঙিয়াৰ 10টা ৱাৰ্ড

তথ্য অনুসৰি, ৰঙিয়া পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ বিজয়ীসকল ক্ৰমে-

  • ১ নং ৱাৰ্ডত বিজেপিৰ অমৰেন্দ্ৰ লহকৰ,
  • ২ নং ৱাৰ্ডত বিজেপিৰ বিউটি বেগম,
  • ৩ নং ৱাৰ্ডত বিজেপিৰ গুণমণি বড়ো,
  • ৪ নং ৱাৰ্ডত বিজেপিৰ মিটালী ডেকা,
  • ৫ নং ৱাৰ্ডত বিজেপিৰ গুঞ্জন দাস,
  • ৬ নং ৱাৰ্ডত বিজেপিৰ উত্তম পাল,
  • ৭ নং ৱাৰ্ডত বিজেপিৰ পূৰৱী দাস,
  • ৮ নং ৱাৰ্ডত বিজেপিৰ বিদ্যুৎ ডেকা,
  • ৯ নং ৱাৰ্ডত কংগ্ৰেছৰ চানোৱাৰা বেগম আৰু
  • ১০ নং ৱাৰ্ডত কংগ্ৰেছৰ ৰেচমা আহমেদ ৷

তাৎপৰ্যপূৰ্ণভাৱে, ৰঙিয়াৰ ৯ আৰু ১০ নং ৱাৰ্ডত বিজেপিৰ মিত্ৰদল অগপই প্ৰাৰ্থী প্ৰক্ষেপিত কৰিছিল যদিও দুয়োখন আসনেই অগপৰ হাতৰ পৰা ওলাই যায় । এক কথাত ক’বলৈ হ’লে, এইবেলি পৌৰ নিৰ্বাচনৰ ফলাফলৰ পিছত ৰঙিয়াত অগপ দল নিশ্চিহ্ন হোৱাৰ দিশে আগবাঢ়িছে বুলি ক’ব পাৰি । বিজেপিৰ বৃহৎ জয়ৰ পিছত বৰ্তমান সমৰ্থকসকল আনন্দ-উৎসৱত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Assam Municipal Election Results : শোণিতপুৰত বিজেপিৰ দখলত চাৰিখন পৌৰসভা

Last Updated :Mar 9, 2022, 7:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.